Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ উত্তাল প্রতিনিধি সভা

WhatsApp Image 2026 02 02 at 1.58.01 PM

Asom sahitya Sabha:

অসম সাহিত্য সভাৰ উপ- সভাপতি পদুম ৰাজখোৱাৰ মিঞা কেন্দ্ৰীক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে পুনৰ এইবাৰ আন এক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিল অসম সাহিত্য সভাৰ সভাপতি ড:বসন্ত কুমাৰ গোস্বামী ৷

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ কেন্দ্ৰীয় প্রতিনিধি সভাৰ মাজতে সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা ৷ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল দুবছৰৰ পৰিৱৰ্তে ৩ বছৰীয়া কৰাৰ প্ৰস্তাৱ আগবঢ়াই সভাৰ সভাপতি ড:বসন্ত কুমাৰ গোস্বামীয়ে ৷

সভাপতি গৰাকীৰ এই আহ্বানৰ পাছতে একাংশ প্ৰতিনিধিৰ বিৰোধিতা কৰে। সংবিধান বহির্ভুতভাৱে কাৰ্যকাল বৃদ্ধি কৰিবলৈ সভাপতিয়ে লোৱা প্ৰস্তাৱক মানি নলয় বুলি কৈ সোচ্ছাৰ হৈ একাংশ প্রতিনিধিয়ে মঞ্চলৈ উঠি গৈ প্ৰতিবাদ জনায়।

আনকি একাংশ ক্ষুব্ধ প্ৰতিনিধিৰ অভিযোগ গাৰ বলেৰে সভাপতিয়ে প্ৰস্তাৱ গৃহীত কৰাৰ চেষ্টা চলায়। প্রতিনিধি সভাৰ মাজতে সৃষ্টি হোৱা হুলস্থুলীয়া পৰিস্থিতিক অতি তৎপৰতাৰে বুজাই- বঢ়াই নিয়ন্ত্ৰণ কৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ৷

Exit mobile version