Dispur:মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে স্বাগত সতীর্থ প’র্টেল ২.০

WhatsApp Image 2026 02 02 at 11.56.46 AM

Dispur:

ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত কৰ্মৰত হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বদলিৰ বাবে আৰম্ভ কৰা স্বাগত সতীর্থ প’র্টেল ২.০ সোমবাৰে মুকলি কৰে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ দিছপুৰস্থ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয় লোকসেৱা ভৱনত স্বাগত সতীর্থ প’র্টেল মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় ,এতিয়াৰ পৰা কোনো কৰ্মচাৰীয়ে বদলি হ’ব বিচাৰিলে এই প’র্টেলৰ জৰিয়তে পাৰস্পৰিক বদলিৰ আবেদন কৰিব পাৰিব ৷ অনুষ্ঠানত ৰাজ্যৰ অতিৰিক্ত মুখ্যসচিব অজয় তিৱাৰী,সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত- সচিব মণিভনম সহ জ্যেষ্ঠ আমোলা উপস্থিত থাকে।

Exit mobile version