Fir Filed: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লতাশিল থানাত গোচৰ দি আছাম ছিভিল ছ’চাইটিৰ

WhatsApp Image 2026 02 02 at 5.17.08 PM 1

Fir Filed:

মিঞাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণাত্মক স্থিতি আৰু কেতবোৰ মন্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে দি আছাম ছিভিল ছ’চাইটিৰ। সাম্প্রদায়িক বিষবাষ্প বিয়পাই ৰাজনীতি কৰাৰ অভিযোগ তুলি সোমবাৰে সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ দাখিল কৰে ৷

উল্লেখ্য যে সংগঠনটোৰ জ্যেষ্ঠ কৰ্মকৰ্তা তথা কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয়, আসন্ন বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ’বৰ বাবে মুখ্যমন্ত্ৰীয়ে মিঞা কেন্দ্ৰীক ৰাজনীতিৰে এক সাম্প্রদায়িক বিষবাষ্প বিয়পোৱাৰ যি অভিপ্ৰায় ৰচিছে ৷ ইয়ে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বাবে এক অশনি সংকেত ৷ এনেক্ষেত্ৰত অসমৰ সকলো স্তৰৰ লোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাজোৰে সোচ্ছাৰ হওক ৷

Exit mobile version