Fire in Assam-Arunachal Border:
অসম–অৰুণাচল প্ৰদেশ সীমান্তৰ দহমাইল চিলেত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ ১০ মাইল চিলেত অৱস্থিত এখন ব্ৰইলাৰ ফাৰ্মৰ পিছফালে থকা পেলনীয়া জাবৰৰ সমূহ ফাৰ্মৰ এগৰাকী কৰ্মচাৰীয়ে জ্বলাই দিছিল। কিন্তু সামান্য এই জুইয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই জুইৰ পৰাই তাণ্ডৱলীলা আৰম্ভ হৈ ফাৰ্মৰ পিছফালে থকা বিস্তৃত অঞ্চল জুইৰ লেলিহান শিখাই চাৰিওফালে বিয়পি পৰাৰ পিছতে অঞ্চলটোত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়।
