৩২ কোটি বছৰৰ পূর্বেও আছিল হাংগৰ

সন্ধান ওলাল 'অদৃশ্য' সামুদ্রিক গুহাৰ ভিতৰত

IMG 20260203 135431

পৃথিৱীত তেতিয়াও ডাইন’ছ’ৰৰ আবির্ভাৱ হোৱা নাছিল। সেয়া আজিৰ পৰা প্রায় ৩২ কোটি ৫০ লাখ বছৰৰ আগৰ কথা। অথচ তেতিয়াও সাগৰত ঘূৰি ফুৰিছিল সামুদ্রিক চিকাৰী প্রাণীবোৰে। পৃথিৱীৰ পৰা হেৰাই যোৱা এনে দুই সামুদ্রিক চিকাৰীৰ ‘সন্ধান’ পাইছে জীৱাশ্মবিদসকলে। পোৱা গৈছে দেখিবলৈ হাংগৰৰ দৰে দুই প্রজাতিৰ জীৱাশ্ম।

আমেৰিকাৰ কেন্টাকী প্ৰদেশৰ মেমথ গুহা কেন্টাকী চহৰৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ নিলগত অবস্থিত। বিশ্বৰ সবাতোকৈ দীঘলীয়া এই গুহাৰ ভিতৰৰ বহু পথ এই পর্যন্ত আৱিষ্কাৰ হোৱা নাই। সেই গুহাৰ ভিতৰতে পোৱা গৈছে বিলুপ্ত হৈ পৰা দুই সামুদ্রিক প্রাণীৰ জীৱাশ্ম। দেখিবলৈ প্রায় হাংগৰৰ দৰে। তীক্ষ্ণ দাঁতৰ গঠন এনেকুৱা যে অনায়াসে চিকাৰক দুটুকুৰা কৰিব পাৰে। জীৱাশ্মৰ দৈর্ঘ্য ১০-১২ ফুট। সম্প্রতি সাগৰত যি হোৱাইট টিপ হাংগৰে বিচৰণ কৰে, সেইবোৰৰ আকাৰো সিমানেই।

কার্বনিফেৰাছ যুগ (প্রায় ৩৫-৩০ কোটি বছৰৰ পূৰ্বে)ত এই ৬৭৫ কিলোমিটাৰ জুৰি বিয়পি থকা গুহাটো প্রায় সম্পূর্ণৰূপে পানীৰ তলত আছিল। কেৱল সেই গুহাই নহয়, কেন্টাকী প্রদেশসহ উত্তৰ আমেৰিকাৰ বিস্তীর্ণ অঞ্চল সেই সময়ত সাগৰৰ তলিত আছিল।

সেই সময়তে এই হাংগৰৰ দলে বিচৰণ কৰিছিল এই গুহাৰ ভিতৰত। পৰৱৰ্তী সময়ত ভূগর্ভস্থ টেক্ট’নিক প্লেট আঁতৰিবলৈ আৰম্ভ কৰাত এই সাগৰো হেৰাই যায়। বৈ যায় পৃথিৱী পৰা বিলুপ্ত হৈ যোৱা বিভিন্ন প্রাণীৰ জীৱাশ্ম বিগত কিছু দশকত এই গুহাৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰাচীন সামুদ্রিক প্রাণীৰ জীৱাশ্ম পোৱা গৈছে। কিছু প্রাচীন প্রবালো এই তালিকাত আছে।

এই পর্যন্ত ৭০টাৰো অধিক প্রাচীন সামুদ্রিক প্রজাতিৰ সন্ধান এই গুহাত পোৱা গৈছে। সম্প্রতি মেমথ গুহাত অভিযান চলোৱাৰ সময়ত হাংগৰৰ দৰে লগা দুই প্রজাতিৰ সন্ধান পায় একাংশ জীবাশ্মবিদে। এই জীৱাশ্মসমূহৰ বয়স ৩২ কোটি ৫০ লাখ বছৰ।

পৃথিৱীত ডাইন’ছ’ৰৰ আবির্ভাব গৈছিল আনুমানিক প্রায় ২৪ কোটি বছৰৰ পূর্বে। অর্থাৎ এই সামুদ্রিক চিকাৰী প্রাণীবোৰে ডাইন’ছ’ৰৰো আগতে এই পৃথিৱীত বিচৰণ কৰিছিল। কিছু বছৰৰ পূৰ্বে আমেৰিকাৰ ‘মেবীলেও নেচনেল কেপিটেলছ পার্কছ এন্ড প্লেনিং কমিচন’ৰ হাংগৰ বিশেষজ্ঞ জন-পল হডনেট আৰু এদল জীবাশ্মবিদে উক্ত গুহাত অভিযান চলায়।

তেওঁলোকেই সেই জীবাশ্মবোৰ বিচাৰি পায়। গৱেষকৰ দলটোরে দাবী কৰে যে এইবোৰেই হৈছে আধুনিক হাংগৰৰ পূৰ্বসূৰী। তেওঁলোকে দুই বিলুপ্ত হাংগৰ প্ৰজাতিৰ নামকৰণ কৰিছে ট্রোগ্রোক্লেডোডাছ ট্রিম্বলি আৰু গ্লিকমেনিয়াছ কেয়াৰফোৰাম।

এই জীৱাশ্মসমূহৰ আৱিষ্কাৰ গৱেষকসকলৰ বাবে অত্যন্ত গুরুত্বপূর্ণ। কিয়নো গ্লিকমেনিয়াছ কেয়াৰফোৰাম হৈছে হেছলেবোডিডা গোত্ৰৰ হাংগৰ। এই গোত্ৰৰ হাংগৰ যে ইমান প্রাচীন কালত পৃথিবীত আছিল, সেয়া ইমানদিনে জীবাশ্মবিদসকন্দ্র বাবে অজ্ঞাত আছিল। আগতে ইবোৰৰ অস্তিত্বৰ বিষয়ে যি প্রমাণ আছিল, নতুন জীবাশ্মটো তাতকৈও পাঁচ কোটি বছৰৰ পুৰণি। মেমথ গুহাত বিচাৰি পোৱা এই জীবাশ্মটোৱেই হেছলেৰোডিডা গোত্ৰৰ প্রাচীনতম উদাহৰণ।

যি সময়ত এই হাংগৰবোৰে সাগৰত বিচৰণ কৰি ফুৰিছিল, সেই সময়ত পৃথিৱীৰ স্থলভাগ এতিয়াৰ দৰে নাছিল। উত্তৰ আমেৰিকা মহাদেশৰ অস্তিত্বই নাছিল। সকলো মহাদেশ একেলগত যুক্ত হৈ আছিল এর্থাৎ এটা বিশাল ভূখণ্ডহে আছিল। সেই সময়ত এই হাংগৰবোৰে সাগৰত ঘুৰি ফুৰিছিল। ইয়াৰ বহু পাছত, আজিৰ পৰা আনুমানিক ৩০-২০ কোটি বছৰৰ পূৰ্বে ভূখণ্ড ভাঙি সৃষ্টি হয় ছুপাৰ কণ্টিনেন্ট পেনজিয়া।

পৰৱৰ্তী সময়ত সেই পেনজিয়া ভাঙিয়েই সৃষ্টি হয় উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকাৰ দৰে মহাদেশসমূহ। ট্রোগ্রোক্লেডোডাছ ট্রিম্বলি আৰু গ্লিকমেনিয়াছ কেয়াৰফোৰাম হাংগৰ সময়ৰ লগে লগে পৃথিৱীৰ বুকুৰ পৰা বিলুপ্ত হৈ পৰিছে। জীৱাশ্ম গৱেষণাত দেখা গৈছে যে ট্রিম্বলিৰ গড় দৈর্ঘ্য আছিল প্রায় চাৰে ১১ ফুট।

দাঁত আছিল তীক্ষ্ণ, যি নৰম দেহৰ চিকাৰ অনায়াসে ধৰিব পাৰে। শাৰীৰিক গঠন আছিল দ্রুত আক্ৰমণৰ বাবে উপযুক্ত। আনহাতে, কেয়াৰফোৰাম প্ৰজাতিৰ হাংগৰৰ দৈর্ঘ্য আছিল আনুমানিক ১০-১২ ফুট। কিছু কিছু হাংগৰ আকাৰত আৰু বেছি ডাঙৰ হৈছিল বুলি অনুমান কৰা হৈছে।

শাৰীৰিক গঠন বিশ্লেষণ কৰি জীৱাশ্মবিদসকলে অনুমান কৰিছে যে ট্রিম্বলিৰ তুলনাত কেয়াৰফোৰাম প্রজাতি অতি বেছি আক্রমণাত্মক আছিল। সাধাৰণতে হাংগৰৰ জীৱাশ্ম অতি বিৰল। পূর্বে যিবোৰ জীৱাশ্ম পোৱা গৈছিল, তাৰ অধিকাংশই টুকুৰা অৱস্থাত পোৱা গৈছিল।

কাৰণ হাংগৰৰ কংকালৰ অধিক অংশ তৈয়াৰী তৰুণাস্থিৰে,যি সহজেই ভাঙি যোৱাৰ সম্ভাৱনা থাকে। দাঁত টিকি থাকিলেও দেহৰ হাড় সেইদৰে টিকি নাথাকে।

অৱশ্যে মেমথ গুহাত যিবোৰ জীবাশ্ম পোৱা গৈছে, সেয়া আছিল প্রায় সম্পূৰ্ণ দেহৰ জীৱাশ্ম। এই জীৱাশ্মবোৰ ইমান ভালদৰে সংৰক্ষিত হৈ আছিল যে ছালৰ ছাপো তাত স্পষ্ট ৰূপত ধৰা পৰিছিল।

Exit mobile version