তিব্বতীয় ধর্ম গুৰু দালাই লামা বিশ্ব সংগীতৰ সর্বোচ্চ বঁটা ‘গ্ৰেমী’ৰে সন্মানিত হৈছে। তেওঁৰ হৈ বঁটা গ্ৰহণ কৰে সংগীত শিল্পী কফাছ ৱেনৰাইটে। ‘বেষ্ট অডিঅ’ বুক নেৰেচন’ শিতানত ৯০ বছৰীয়া বৌদ্ধ ধর্মগুৰুজনে তেওঁৰ এলবাম ‘মেডিটেচনছ: দ্য বিফ্লেকছনছ অৱ হিজ হোলিনেছ দ্য দালাই লামা’ শীর্ষক এলবামৰ বাবে এই বঁটা লাভ কৰিছে।
সর্বোত্তম অডিঅ’ বুক শিতানত স্থান লাভ কৰা এই এলবাম সম্পূর্ণরূপে গীতৰ এলবাম নহয়। ইয়াত আছে তেওঁৰ বাৰ্তা, উপদেশ আৰু বাণী। তেওঁৰ বাণীৰ স’তে আছে আবহ সংগীত, ইয়াত সংগত কৰিছে প্রখ্যাত সৰোদ শিল্পী আমজাদ আলী খান আৰু তেওঁৰ দুই পুত্র বংগেছ আৰু আয়ান আলী বংগেছে। এই অডিঅ’ এলবামত মূলতঃ বিশ্ব শান্তি, ধৈর্য, দয়া আৰু আশাৰ বাৰ্তা দিছে বৌদ্ধ গুৰুজনে।
পুৰস্কাৰ প্ৰাপ্তিৰ পাছত তেওঁ কয় যে এই বঁটা কোনো ব্যক্তিগত প্রাপ্তি নহয়। তেওঁ কয়, ‘মই কৃতজ্ঞতা আৰু বিনম্রতাৰে এই স্বীকৃতি গ্রহণ কৰিছো। ইয়াক মই ব্যক্তিগত প্রাপ্তি বুলি নাভাবো, ই হৈছে আমাৰ সাৰ্বজনীন দায়বদ্ধতাৰ অংশীদাৰিত্বৰ স্বীকৃতি।’ তেওঁ কয়, ‘মই দৃঢ়ভাবে বিশ্বাস কৰো যে শান্তি, দয়া, আমাৰ পৰিৱেশৰ প্ৰতি যতন আৰু মানৱতাৰ বোধগমিতা সকলো মানুহৰে সমূহীয়া ভালৰ বাবে প্রয়োজনীয়। মই কৃতজ্ঞ যে এই ‘গ্ৰেমী’ পুৰস্কাৰে এনে বার্তাসমূহ ব্যাপকভাবে বিয়পাই দিয়াত সহায় কৰিব।’
উল্লেখ্য যে সংগীতৰ জগতত ‘গ্ৰেমী’ হৈছে এক সর্বোচ্চ সন্মানীয় পুৰস্কাৰ। শান্তিৰ বাৰ্তা বিয়পোৱা দালাই লামাৰ এই পুৰস্কাৰ প্ৰাপ্তিয়ে তেওঁৰ প্ৰেম-শান্তিৰ বাৰ্তা আৰু বহু বেছি শ্রোতাৰ ওচৰলৈ লৈ যাব বুলি আশা কৰা হৈছে। সংগীত জগতৰ নহ’লেও অন্যান্য ক্ষেত্রত প্রতিষ্ঠিত আৰু বহুতেই তাৰ পূর্বে ‘গ্ৰেমী’ পুৰস্কাৰ লাভ কৰিছে।
প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই তেওঁৰ দুটা বক্তৃতা সংকলনৰ বাবে দুবাৰ ‘গ্ৰেমী’ লাভ কৰিছে। তেওঁৰ পত্নী মিছেল অ’বামা, এপেলৰ প্রতিষ্ঠাতা স্টিভ জ’বছেও লাভ কৰিছে ‘গ্ৰেমী’।
চীনৰ প্ৰতিক্রিয়া দালাই লামাৰ বঁটাপ্ৰাপ্তিত বিৰোধিতা কৰিছে চীনে। এই কার্যক চীন বিৰোধী বুলিও অভিহিত কৰিছে। চীনৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র লিন জিয়ানে কালি প্রতিক্রিয়া প্রকাশ কৰি কয় যে ই এক ৰাজনৈতিক ষড়যন্ত্র।
তিব্বতী বৌদ্ধ ধর্মীয় গুৰুজনে ‘অডিঅ’ বুক, নেৰেচন আৰু ষ্ট’ৰি টেলিং’ৰ বাবে লাভ কৰা সংগীত জগতৰ বঁটা চীন বিৰোধী ৰাজনৈতিক ষড়যন্ত্ৰৰ এক হাথিয়াৰ বুলি কয় মুখপাত্ৰজনে। সম্প্রতি ভাৰতত থকা চতুর্দশ দালাই লামা কেৱল এজন ৰাজনৈতিক ব্যক্তিত্ব নহয় বুলিও চীনে কয়।
ধৰ্মৰ আঁৰ লৈ চীন বিৰোধী বিচ্ছিন্নতাবাদী কার্যকলাপত লিপ্ত এজন ৰাজনৈতিক নির্বাসিত ব্যক্তি বুলিয়ে চীনে দালাই লামাক আখ্যা দিয়ে। উল্লেখ্য যে দালাই লামাক বিভিন্নজনে তিব্বতৰ স্বায়ত্ত শাসনৰ আন্দোলনৰ মুখ বুলি আখ্যা দিয়ে। ১৯৫৯ৰ পৰা নিজ গৃহভূমিৰ পৰা নিৰ্বাসিত হৈ থকা দালাই লামাই ভাৰতত আশ্রয় লৈ আছে।






























