Drugs Seized:
ৰাজ্যত ড্ৰাগছ সৰবৰাহকাৰীয়ে লৈছে ন ন কৌশল। চিপচৰ পেকেটৰ জৰিয়তে সৰবৰাহ কৰে ড্ৰাগছ ৷ নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে এজন সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে ৩০ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৷
ADVERTISEMENT
বিশেষ খবৰৰ ভিত্তিত ৰূপহীহাটৰ কাৱৈমাৰীত অভিযান চলাই এই ড্ৰাগছ খিনি উদ্ধাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰীটোৰ নাম ইজাহাৰ আলী। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰীজনক সোধপোছ অব্যাহত ৰাখিছে ৷




































