Guwahati Central Jail:✒️ড্রাগছ সৰবৰাহকাৰীয়ে গুৱাহাটী মহানগৰীত সংগোপনে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ বিপৰীতে মহানগৰ আৰক্ষীয়ে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি ইজনৰ পিছত সিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে ৷ মঙলবাৰে বশিষ্ঠ আৰক্ষীয়ে খানাপাৰাত অৰ্তকিতে অভিযান চলাই কে’বাজনো কিশোৰ সহ বিশজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে।
আনহাতে ড্ৰাগছৰ -গাঞ্জা অহৰহ যোগান হয় লখৰাস্থিত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ ৷ একাংশ কয়দীক ড্ৰাগছৰ -গাঞ্জা যোগান ধৰি অহাৰ বিশেষ খবৰ লাভ কৰি বশিষ্ঠ আৰক্ষীয়ে কাৰাগাৰাত অভিযান চলাই ‘লৰ দুই আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰে। আটকাধীন জোৱান কেইজন হ’ল কংকন বৰা আৰু দেৱজিৎ দাস ৷দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ সামগ্রী ৷উল্লেখ্য যে দীর্ঘদিনে লখৰাৰ জে’লত নিচাযুক্ত সামগ্রী যোগান ধৰিছিল জে’লত কৰ্মৰত দুই জোৱানে ৷
