Jammu and Kashmir:✒️জম্মু–কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদী মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গোপন সূত্রৰ আধাৰত নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে উধমপুৰ জিলাৰ মাজালতা অঞ্চলৰ এখন জংঘলত কেবাজনো সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকা বুলি তথ্য লাভ কৰে। সেই অনুসৰিয়েই তৎক্ষণাৎ তল্লাচি অভিযান আৰম্ভ কৰে বাহিনীয়ে।
তথ্য অনুসৰি, দুইৰ পৰা তিনিজন সন্দেহজনক সন্ত্ৰাসবাদী গতিবিধিৰ খবৰ পোৱাৰ পাছতেই সোমবাৰে ভোৰবেলাই উধমপুৰৰ ৰামনগৰ অন্তৰ্গত জাফৰ জংঘলত অভিযান আৰম্ভ কৰা হয়।
মঙলবাৰেও সন্ত্ৰাসবাদী সন্ধানত অভিযান অব্যাহত থাকে। সেই সময়তে জংঘলৰ ভিতৰৰ পৰা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনী লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। ইয়াৰ উত্তৰত বাহিনীয়েও ওলোটাই গুলীচালনা কৰে।
এই ঘটনাত বুধবাৰলৈকে কোনো হতাহত হোৱা খবৰ পোৱা হোৱা নাই। সেনা সূত্রৰ মতে, সন্ত্ৰাসবাদী জইশ-ই-মহম্মদ সংগঠনৰ সদস্য হোৱাৰ সন্দেহ কৰা হৈছে। সন্ত্ৰাসবাদীলে যাতে ঘন জংঘল আৰু অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰিব নোৱাৰে, সেই উদ্দেশ্যে আৰক্ষী আৰু সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে। লগতে এলেকাত অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে।
