Road Accident in Agia:ৰাজ্যত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গোৱালপাৰাৰ আগিয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত বিবাহযাত্ৰী বাছ দুৰ্ঘটনাগ্ৰস্ত। থিতাতে নিহত দৰাৰ ককায়েকৰ আৰু মোমায়েক ৷
গোলোকগঞ্জৰ পৰা আগিয়াৰ বুধিপাৰাৰ পৰা কইনা লৈ উভতি অহা বিবাহযাত্ৰী বাছ সহ এখন মেজিক গাড়ী ৰৈ আছিল পথৰ কাষত ৷ সেই সময়তে দ্ৰুতগতিত অহা মালবাহী ট্ৰাকে সন্মুখৰ পৰা বিবাহযাত্ৰী বাছ আৰু মেজিক খনত প্ৰচণ্ড খুন্দা মাৰে।
ফলত বাছ খনৰ আৰোহী দৰাৰ ককায়েক নৰেশ দাস আৰু মোমায়েক ৰবি দাসৰ ঘটনাস্থলীত কৰুণ মৃত্যু হয় ৷ আন কে’বাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত উপ হোৱা আগিয়া থানাৰ আৰক্ষীয়ে আহত সকলোকে ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰা মালবাহী ট্ৰাকৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে ৷
বিবাহ সমাপ্ত কৰি ঘৰলৈ ওভতাৰ পথত পুৱতি নিশা সংঘটিত শোকাৱহ দুৰ্ঘটনাটিত দুজনকৈ লোকে প্ৰাণ হেৰুৱাত শোকাহত হৈ পৰে সমগ্ৰ গোলোকগঞ্জ ৷






























