Car Theft Arrested in basistha:মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাস ৷ প্ৰৱঞ্চনাৰে নিজকে এইছডিএফচি বেংকৰ ক্লাষ্টাৰ হেড বুলি পৰিচয় দি বিভিন্নজনৰ পৰা এইছডিএফচিত গাড়ী ভাড়ালৈ আনিছিল গভাইত গাড়ী চোৰ ৰূপজ্যোতিয়ে ৷ পৰৱৰ্তী সময়ত অতি কৌশলৰে গাড়ীবোৰ বেংকৰ নিলাম সম্পত্তি বুলি বিক্ৰী কৰিছিল অন্য লোকক ৷
ADVERTISEMENT
এই সন্দৰ্ভত প্ৰৱঞ্চনাৰ বলি হোৱা ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে বুধবাৰে অৰ্তকিতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতিক ৷ আৰক্ষীয়ে উদ্ধাৰ কৰে চাৰিখনকৈ বিলাসী বাহন ৷ অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে গভাইত গাড়ী চোৰটোক ৷






























