ৰাজস্থানত পেলেষ্টাইনৰ সমৰ্থনত আৰু ইজৰাইল বিৰোধী প’ষ্টাৰ লগোৱা ঘটনাক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ঘটনাৰ তদন্ত কৰি এগৰাকী ব্ৰিটিছ দম্পতীক অবিলম্বে ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
তথ্য অনুসৰি, পৰ্যটন ভিছাত ভাৰতলৈ আহিছিল দম্পতী,যদিও পাছত তেওঁলোকে ৰাজনৈতিক প্ৰচাৰত জড়িত হৈছিল।
২১ জানুৱাৰীত আজমেঢ়ৰ বিভিন্ন স্থানত কিছুমান প’ষ্টাৰ লগোৱা হৈছে বুলি গোপন তথ্য লাভ কৰে চোৰাংচোৱা সংস্থাই। সেই প’ষ্টাৰত স্বাধীন পেলেষ্টাইনৰ দাবীৰ লগতে ইজৰাইল বয়কটৰ আহ্বান জনোৱা হৈছিল।
এই ঘটনাৰ তদন্তত নামি চিচিটিভি ফুটেজ আৰু স্থানীয় প্ৰশাসনৰ সহায়ত চোৰাংচোৱাসকলে জানিব পাৰে যে ইয়াৰ আঁৰত আছিল ব্ৰিটিছ নাগৰিক লুই গ্যাব্ৰিয়েল আৰু তেওঁৰ পত্নী আনুচি এমা ক্ৰিষ্টিন।
তদন্তৰ গুৰুত্ব বিবেচনা কৰি জিলা আৰক্ষীৰ সহায়ত দম্পতীক আটক কৰা হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক (চিআইডি) ৰাজেশ মীণাৰ নেতৃত্বত এটা দলে তেওঁলোকক সোধ পোছ কৰে। তাত স্পষ্ট কৰা হয় যে পৰ্যটন ভিছাত ভাৰতলৈ আহি কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত জড়িত হোৱাটো ভিছাৰ চৰ্তৰ স্পষ্ট উলংঘন।
পাছত আৰক্ষীয়ে আজমেঢ়ৰ সকলো স্থানৰ পৰা বিতৰ্কিত প’ষ্টাৰ আঁতৰোৱাৰ ব্যৱস্থা কৰে। লগতে ইমিগ্ৰেচন আৰু ফ’ৰেইনাৰ্ছ এক্টৰ অধীনত দুয়ো বিদেশী নাগৰিকৰ ভিছা বাতিল কৰা হয়। দুই ফেব্ৰুৱাৰীত তেওঁলোকক ভাৰত ত্যাগ কৰাৰ আনুষ্ঠানিক নোটিছ জাৰি কৰা হয়।






























