অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বৃহৎ সাফল্য!

জম্মু-কাশ্মীৰত নিহত জইচৰ তিনি সন্ত্ৰাসবাদী

1770242744 crpf 1280

গৃহমন্ত্ৰী অমিত শ্বাহৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে নিৰাপত্তা বাহিনীৰ বৃহৎ সাফল্য । কিশ্তৱাৰ আৰু উদমপুৰ জিলাত চলা যুটীয়া অভিযানত নিহত হয় জইচ-ই-মহম্মদৰ তিনিজন সদস্য।

বুধবাৰে পুৱাতে উদমপুৰ জিলাৰ এটা গুহাত লুকাই থকা দুজন জইচ কমাণ্ডাৰ গুলীযুঁজত নিহত হয়। সন্ধিয়ালৈ কিশ্তৱাৰৰ তুষাৰে আৱৃত চাত্ৰু অঞ্চলতো বাহিনীৰ স’তে সংঘর্ষত আৰু এজন জইচ সদস্যৰ মৃত্যু ঘটে।

বৃহস্পতিবাৰে তিনিদিনীয়া ভ্ৰমণত জম্মু-কাশ্মীৰলৈ আহিব অমিত শ্বাহ। তাৰ আগতেই কাউণ্টাৰ ইনছাৰ্জেন্সি ফ’ৰ্চ ডেল্টা, হোৱাইট নাইট কৰ্পছ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযান চলি এই সফলতা লাভ কৰা হয়।

চোৱাংচোৱা সূত্ৰে কিশ্তৱাৰৰ দুৰ্গম অঞ্চলত সন্ত্ৰাসবাদীৰ পুনৰ উপস্থিতিৰ খবৰ পোৱাৰ পাছতেই অভিযান আৰম্ভ কৰা হৈছিল।

অভিযানকালত এটা এম–৪ কাৰ্বাইন, এটা একে-অ্যাসল্ট ৰাইফেল, তিনিটা গ্ৰেনেডসহ বহু অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। যদিও তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে, তথাপি অঞ্চলজুৰি ড্ৰ’নেৰে নজৰদাৰী অব্যাহত ৰাখিছে বাহিনীয়ে।

Exit mobile version