চলিত শতিকাত বিশ্বত বৃদ্ধি পাইছে শাৰীৰিক পৰিশ্ৰম কৰা লোকৰ সংখ্যা

প্রতি ১০ জন ভাৰতীয়ৰ নজনেই ব্যায়াম নকৰে

group people exercise walking jogging park group people exercise walking jogging park morning 116052916

মন-শৰীৰ সুস্থ-সবল কৰি ৰাখিবলৈ হ’লে শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামৰ প্রয়োজন বুলি কোৱা হয়। সমাজত এই সম্পর্কীয় সজাগতা সৃষ্টিৰ চেষ্টাও অব্যাহত আছে। তৎসত্ত্বেও অধিকাংশ ভাৰতীয় লোক নিয়মীয়াকৈ ব্যায়াম কৰাৰ প্ৰতি আগ্রহী নহয়।

ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয় (এনএছঅ’)-এ দেশজুৰি চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে যে প্রতি ১০ জন ভাৰতীয়ৰ এজনেহে ব্যায়াম কৰে। অর্থাৎ প্রতি ১০ ভাৰতীয়ৰ নজনেই ব্যায়াম নকৰে। নগৰাঞ্চলৰ তুলনাত গ্রামাঞ্চলত ব্যায়াম কৰা লোকৰ সংখ্যা অধিক কম।

অৱশ্যে গ্রামাঞ্চলসমূহৰ লোক কৃষিকর্ম আদিত জড়িত থকাৰ বাবে তেওঁলোকক সুকীয়াকৈ ব্যায়াম কৰাৰ প্ৰয়োজন নহ’ব পাৰে। আনহাতে, মহিলাৰ তুলনাত পুৰুষেহে অধিক ব্যায়াম কৰে বুলি উক্ত সমীক্ষাত পোহৰলৈ আহিছে।

সমীক্ষাটোৰ মতে যিকোনো এটা ধর্তব্য দিনত মহিলাসকলতকৈ।তিনিগুণ পুৰুষে ব্যায়াম কৰে। দেশৰ মুঠ পুৰুষৰ ১৪.৫ শতাংশই ব্যায়াম কৰে বুলি সমীক্ষাটোত কোৱা হৈছে। ইয়াৰ বিপৰীতে ব্যায়াম কৰা মহিলাৰ সংখ্যা ৪.৯ শতাংশহে। গ্রামাঞ্চলৰ মহিলাসকলে সবাতোকৈ কম ব্যায়াম কৰে।

উক্ত সমীক্ষাৰ মতে ব্যায়াম কৰা পুৰুষসকলে গড় হিচাপত নিতৌ এঘণ্টা বা ৬০ মিনিট ব্যায়াম কৰে। আনহাতে মহিলাসকলে ব্যায়ামত ৫৬ মিনিট সময় ব্যয় কৰে। উক্ত সমীক্ষাৰ মতে দেশৰ নগৰ-চহৰসমূহত বাস কৰা প্ৰায় ১৪ শতাংশ লোকে ব্যায়াম কৰে। এইসকলে গড় হিচাপত ৬১ মিনিট সময় ব্যায়াম কৰোতে ব্যৱহাৰ কৰে।

ইয়াৰ বিপৰীতে গ্রামাঞ্চলসমূহৰ সাত শতাংশ লোকেহে ব্যায়াম কৰে আৰু তাকে কৰোতে তেওঁলোকে গড় হিচাপত ৫৬ মিনিট সময় ব্যয় কৰে। আনহাতে, বিশ্বৰ ১৬৩ খন দেশক সামৰি সম্পন্ন কৰা ৫০৭ টা সমীক্ষা বিশ্লেষণ কৰি ২০২৪ত লাঙ্কেট গ্ল’বেল হেল্থে প্রকাশ কৰা অনুসৰি বিশ্বৰ ৩১.৩ শতাংশ লোকৰে শাৰীৰিক পৰিশ্ৰম কম হয়।

অৱশ্যে যোৱা শতিকাৰ তুলনাত চলিত শতিকাত শাৰীৰিক পৰিশ্ৰম কৰা লোকৰ সংখ্যা বিশ্বত বৃদ্ধি পাইছে। ১০ শতিকাত বিশ্বত শাৰীৰিক পৰিশ্ৰম কৰা লোকৰ সংখ্যা ২৩.৪ শতাংশহে আছিল। এই সম্পর্কত লাঞ্চেট গ্ল’বেল হেল্থ কয়, ‘কম শাৰীৰিক পৰিশ্রমে নোসোঁচৰা ৰোগত আক্রান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে। উপযুক্ত শাৰীৰিক পৰিশ্ৰমৰ অভাৱে শৰীৰ দুৰ্বল কৰে আৰু জন্মগত বুদ্ধি-বৃত্তি হানি কৰে। তদুপৰি শৰীৰৰ ওজন বৃদ্ধি কৰে আৰু মানসিক স্বাস্থ্য দুর্বল কৰে।’

উল্লেখ্য যে শাৰীৰিক পৰিশ্ৰমৰ ক্ষেত্ৰত নাৰী-পুৰুষৰ মাজত থকা ব্যৱধানো এটা ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে। বিশ্বত পুৰুষৰ তুলনাত মহিলাসকলৰ মাজত শাৰীৰিক পৰিশ্ৰমৰ অভাৱ পাঁচ শতাংশৰ অধিক দেখা যায়। অৱশ্যে ব্যায়াম কৰিবলৈ মহিলাসকলে কম সময় পায় বুলি ২০২৪ৰ এক অধ্যয়নত কোৱা হৈছে।

এই অধ্যয়ন অনুসৰি উক্ত বছৰত গ্রামাঞ্চলসমূহৰ কেৱল ৩.১ শতাংশ মহিলাইহে ব্যায়াম কৰে। অৱশ্যে নগৰাঞ্চলসমূহত ব্যায়াম কৰা মহিলাৰ সংখ্যা ৮.১ শতাংশ। আনহাতে, পুৰুষসকলৰ ক্ষেত্ৰত দেখা যায় যে গ্রামাঞ্চলৰ পুৰুষসকলৰ ১১.৪ শতাংশ আৰু নগৰাঞ্চলৰ পুৰুষসকলৰ ১৯.৫ শতাংশই ব্যায়াম কৰে। একেদৰে খেলা-ধূলাত অংশগ্ৰহণৰ ক্ষেত্ৰতো এনে তফাৎ দেখা যায়।

সমীক্ষা মতে ২০২৪ত দেশত মাথোঁ ০.৩ শতাংশ মহিলা আৰু ১.৩ শতাংশ পুৰুষেহে খেলা-ধূলা কৰে। এই ক্ষেত্ৰত নাৰী-পুৰুষ দুয়োকে সামৰি ল’লে দেখা যায় যে সামগ্রিকভাৱে এক শতাংশতকৈ কম ভাৰতীয় লোকেহে খেলা-ধূলা কৰে। আনকি ২০ বছৰ তলৰ প্ৰতি পাঁচজনৰ চাৰিজনে খেলা-ধূলা নকৰে। এই পৰিস্থিতিক স্বাস্থ্যগত দিশৰ পৰা উদ্বেগজনক আখ্যা দিছে বিশেষজ্ঞসকলে।

অৱশ্যে বিগত কৰ’না মহামাৰীৰ পাছৰ পৰা দেশত শাৰীৰিক ব্যায়াম অনুশীলন কৰা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে বুলিও সমীক্ষাত প্রকাশ পাইছে। সকলো বয়সৰ লোকৰ মাজতে শাৰীৰিক ব্যায়াম অনুশীলনৰ প্ৰতি আগ্রহ বৃদ্ধি পাইছে। এই ক্ষেত্রত অধিক সচেতনতা দেখা গৈছে বয়স্ক লোকসকলৰ ক্ষেত্ৰত। অৱশ্যে ক্রীড়া বা খেলা-ধূলাত অংশগ্ৰহণৰ সংখ্যা বয়স বৃদ্ধিৰ লগে লগে হ্ৰাসৰ প্ৰৱণতা পূৰ্বৰ দৰে আছে।

এই সম্পর্কত এজন বিশেষজ্ঞই কয়, ‘এজন ব্যক্তিয়ে অৱসৰ গ্ৰহণ কৰাৰ লগে লগে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ ধৰে। বহু বয়োজ্যেষ্ঠ ব্যক্তিয়ে মধুমেহ, ৰক্তচাপ বা দেহৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে ব্যায়াম কৰে। গতিকে ব্যায়াম কৰা বয়স্ক ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই আছে।’

বিশেষজ্ঞসকলে স্কুল-কলেজসমূহত খেলপথাৰ থকাটো বাধ্যতামূলক কৰিবলৈও পৰামৰ্শর্শ আগবঢ়াইছে। আনহাতে, একাংশ বিশেষজ্ঞসকলৰ মতে বিবাহিত পুৰুষসকলৰ ক্ষেত্ৰত ২০২৪ত দেখা যায় যে তেওঁলোকৰ ১৭.৩ শতাংশই ব্যায়াম কৰে। অৱশ্যে বিবাহিত মহিলাসকলৰ ৪.৫ শতাংশইহে ব্যায়াম কৰে। বর্ণ-সম্প্রদায় ভিত্তিত অৱশ্যে হিচাপৰ তাৰতম্য আছে।

২০২৪ত দেখা যায় যে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ ৯.১ শতাংশই ব্যায়াম কৰে। আনহাতে, অনুসূচিত জাতিৰ ৭.৯ শতাংশ আৰু অনুসূচিত জনজাতিৰ ৬.৯ শতাংশই ব্যায়াম কৰে। অন্যান্য জাতিসমূহৰ ১৩.৩ শতাংশই ব্যায়াম কৰে বুলি সমীক্ষাত পোহৰলৈ আহিছে। লক্ষ্যণীয়ভাৱে ব্যায়াম কৰা পুৰুষ-নাৰীৰ দিশৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ২০২৪ত সর্বোচ্চ স্থান অর্জন কৰে গোৱাই।

ৰাজ্যখনৰ ২৪.১ শতাংশ লোকে ব্যায়াম কৰে। আনহাতে, দ্বিতীয় স্থানত থকা হিমাচল প্ৰদেশৰ ২১.৫ শতাংশই আৰু তৃতীয় স্থানত থকা হাৰিয়ানাৰ ১৭.৫ শতাংশই ব্যায়াম কৰে।

Exit mobile version