Drugs Seized:মহানগৰীৰ ভৰলুমুখ আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী

WhatsApp Image 2026 02 06 at 4.59.22 PM

Drugs Seized:

মহানগৰীৰ ভৰলুমুখ আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী । বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে ভৰলুৰ ৮নং গেটত অভিযান চলাই এখন স্কুটীৰ পৰা ড্ৰাগছ সহ দুই সৰবৰাহকাৰী ববী সিং, মোহিতক আটক কৰে ৷ চাবোনৰ ৬ টাকৈ কেচত ভৰাই আনিছিল ড্রাগছখিনি । ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ পাঞ্জাৱত ৷ দুয়োৱে ভৰলু অঞ্চলত ভাৰাতীয়া হিচাপে থাকি দীর্ঘদিন ধৰি মহানগৰীত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি ভৰলু আৰক্ষীয়ে জেৰা চলাইছে ২ সৰবৰাহকাৰীক ৷

Exit mobile version