Mangaldoi Incident:
কেইদিন পূৰ্বে দুৰ্বৃত্তই মঙলদৈত কে’বাটাও মন্দিৰৰ বিগ্ৰহ ভঙাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হয়।
মঙলদৈৰ ২নং কমাৰপাৰ গোসাঁইগাঁৱত ৰাজহুৱা কালী মন্দিৰ আৰু দুটা ব্যক্তিগত মন্দিৰৰ বিগ্রহ বৃহস্পতিবাৰে নিশা দুর্বৃত্তই ভাঙি থৈ যায় ৷ পুৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাইজ ক্ষোভত ফাটি পৰে ৷ স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে দুৰ্বৃত্তক কৰায়ত্তৰ দাবী কৰে। উল্লেখ্য যে পূৰ্বৰ ঘটনা সন্দৰ্ভত পাঁচ জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।
