AGP:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত ব্যাপক কুজকাৱাজ অব্যাহত ৰাখিছে শাসক- বিৰোধী। বিজেপিয়ে আসন্ন নিৰ্বাচনত কনিষ্ঠ ভাতৃ অগপৰ স’তে মিত্ৰতাপাসত আবদ্ধ হোৱাৰ এখোজ আগবাঢ়ি গৈছে যদিও আসন ভাগবাটোৱাৰা ক্ষেত্ৰত বিধিপঠালি দিছে ৷ অগপৰ ভেটি থকা পূৰ্বৰ কে’বা খনো আসনত বিজেপিয়ে প্ৰাৰ্থী নিক্ষেপ কৰাটো ইতিমধ্যে থিৰাং কৰাত বিপদত পৰিছে বৰ্তমানৰ অগপৰ দুই বিধায়ক চেন্টেল গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু দেৰগাঁৱৰ ভৱেন ভড়ালী ৷ আনকি দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱৰ এখন সভাত অংশ লৈ সংবাদ মাধম্যৰ আগত সদৰি কৰিছিল যে আসন্ন নিৰ্বাচনত দেৰগাঁৱত বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷
আনহাতে চেন্টেল গুৱাহাটীটোতো বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো ইতিমধ্যে খাটাং হৈ পৰাত সংকটত পৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷ একেদৰে পূৰ্বৰে পৰা টিকটৰ দাবীদাৰ হৈ পৰা প্ৰাক্তন অগপ বিধায়ক লখিমপুৰৰ উৎপল দত্ত আৰু ছমৰীয়াৰ( পূৰ্বৰ ছয়গাঁও) ডা:কমলা কলিতাই এইবাৰ দলীয় টিকটত প্ৰতিদ্বন্দ্বীতা কৰাৰ বাবে আগ্ৰহী আছিল যদিও দলীয় টিকট নোপোৱাটো ইতিমধ্যেই নিশ্চিত হৈ পৰাত তেওঁলোকে ক্ষমতাৰ স্বাৰ্থত অন্য দললৈ ঢাপলি মেলিবলৈ সাজু হৈছে ৷ আনহাতে বিগ ব্ৰাডাৰ বিজেপিক অভাৰট্ৰেক কৰাৰ সাহস নাই অগপৰ দুই কাণ্ডাৰী অতুল বৰা আৰু কেশৱ মহন্তৰ । দুই নেতাই নিজৰ ৰাজনৈতিক ভৱিষ্যত কংক্ৰিট কৰাৰ বাবে আঞ্চলিকবাদৰ নামত বিজেপিৰ ইচাৰাত চলাৰ বাহিৰে উপায় নাইকীয়া হৈ পৰিছে ৷
এনে প্ৰেক্ষাপটত অগপৰ দুই বৰ্তমানৰ বিধায়ক ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ভৱেন ভড়ালী আৰু দুই প্ৰাক্তন বিধায়ক উৎপল দত্ত আৰু ডা:কমলা কলিতাই হাতী এৰি লুৰিণজ্যোতি গগৈৰ জাহাজত উঠিবলৈ সাজু হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ক্ষমতাৰ স্বাৰ্থত চাৰি বৰ্ষীয়ান নেতাই ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ স’তে সঘন যোগাযোগত আছে।
