Ed Seizes Assets Of Corrupt Engineer:
প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এঅসম চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগৰ অৱসৰপ্ৰাপ্ত কার্যবাহী অভিযন্তা ছামেদ আলীৰ স্থাৱৰ-অস্থাৱৰ ৩.০৭ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে। আয়ৰ বিপৰীতে অধিক সম্পত্তি আহৰণৰ গোচৰতে এই বৃহৎ পৰিমাণৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়। ২০২২ত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা আলীয়ে ২০০০ৰ পৰা ২০২১লৈ সহকাৰী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কার্যবাহী অভিযন্ত্রা পদত বিভাগটোৰ বিভিন্ন সংমণ্ডলত কৰ্মৰত আছিল। সেই সময়তে সোঁৱে-বাঁৱে লুণ্ঠন চলোৱা আলীয়ে আয়ৰ বিপৰীতে ১৫২.৯৬ শতাংশ অধিক সম্পদ আহৰণ কৰাটো তদন্তত নিশ্চিত কৰা হয়।
ইডিয়ে লাভ কৰা তথ্য অনুসৰি, বক্রপথেৰে আলীয়ে আহৰণ কৰা ধন-সম্পদ বেনামীভাবে বিভিন্নজনৰ লগত জমা ৰাখিছিল। উদাহৰণ স্বৰূপে গেলামালৰ দোকান চলোৱা এগৰাকী অশিক্ষিত মহিলাৰ ভুৱা নামৰেও প্রায় ৯২.৩ লাখ টকা বেংকত জমা ৰাখিছিল। তদন্তত এই তথ্য পোহৰলৈ আহে যে লোকনির্মাণ বিভাগৰ ঠিকাদাৰৰ পৰা উৎকোচ লোৱা ৪১.৩ লাখ টকা সংশ্লিষ্ট মহিলাগৰাকীৰ একাউণ্টত জমা কৰা হৈছিল। একেদৰে পৰিয়ালৰ সদস্য আৰু আত্মীয়ৰ নামতো স্থাৱৰ-অস্থাবৰ সম্পত্তি জমা ৰাখিছিল। আলীৰ পত্নীৰ বেংক একাউণ্টত সন্দেহজনক ২৮.১৬ লাখ টকা উদ্ধাৰ হৈছিল।
এই ধনৰ উৎসৰ তদন্তত উন্মোচিত হয় যে আলীৰ পত্নীৰ ভনী জোঁৱায়েকে সেই ধন জমা কৰিছিল। ভনী জোঁৱায়েক নিজেও এজন বিভাগটোৰ ঠিকাদাৰ। সেই ধন ভনী জোঁৱায়েকে উপহাৰ হিচাপে আগবঢ়োৱা বুলিও দাবী কৰা হৈছে। তেনেদৰে আন এজন আত্মীয়ৰ আৰ কে ইণ্ডাষ্ট্ৰী নামৰ এটা প্রতিষ্ঠানেও ছামেদ আলীৰ পত্নীৰ একাউণ্টত ১৭.৩ লাখ টকা জমা কৰিছিল। এনেদৰে বক্ৰত্ৰুপথেৰে নিজৰ আৰু পৰিয়ালৰ নামত ছামেদ আলীয়ে সম্পদ আহৰণ কৰিছে। ইপিনে, ছামেদ আলীৰ নামতেই বৃহৎ পৰিমাণৰ স্থাৱৰ সম্পত্তি থকাৰ তথ্যও এই তদন্তত পোহৰলৈ আহে। ইয়াৰ লগতে কে’বা কোটি টকা জীৱন বীমা কৰাৰ তথ্যও ধৰা পৰে।
উল্লেখ্য যে আলীৰ আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পদ আহৰণৰ তদন্ত প্ৰথমতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কৰিছিল। তদাৰকী কোষৰ আৰক্ষী থানাত ২০২৩ৰ আঠ ডিচেম্বৰত এই সন্দৰ্ভত ৯/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল। ২০২৪ৰ ছয় মাৰ্চত তদাৰকী কোষে গুৱাহাটীস্থ বিশেষ ন্যায়াধীশৰ আদালতত গোচৰটোৰ অভিযোগনামা দাখিল কৰিছিল। পৰৱৰ্তী সময়ত এই তদন্তৰ দায়িত্ব ইডিক অর্পণ কৰা হয়। অৱশেষত ইডিয়ে ছামেদ আলীৰ উক্ত পৰিমাণৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি জব্দ কৰে ৷
