Incame Tax Raid:মহানগৰীৰ দুই কুখ্যাত কয়লা ব্যৱসায়ীৰ বাসগৃহত আয়কৰ বিভাগৰ মাৰাথন অভিযান

ৰতন শৰ্মা, নবীন সিংহলৰ হোটেল, ৰিজ'ৰ্ট, ফার্ম আদিত অভিযান চলাই জব্দ ৩০ কোটি টকাৰ সোণ- হীৰাৰ অলংকাৰ, জব্দ কে'বাকোটি নগদ ধনো জব্দ

WhatsApp Image 2026 02 07 at 4.05.40 PM 1

Incame Tax Raid:

কোটি কোটি টকা কৰ ফাঁকিৰে ব্যৱসায়িক সাম্রাজ্য গঢ়ি তোলা দুই বিতর্কিত কয়লা ব্যৱসায়ী ৰতন শর্মা আৰু নবীন সিংহলৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা আজিলৈকে আয়কৰ বিভাগে একেলগে কে’বাটাও স্থানত বৃহৎ তালাচী অভিযান চলায়। কয়লা, টিএমটি বাৰ, ৰিজ’ৰ্ট আদিকে ধৰি বিভিন্ন ব্যৱসায়ৰে জড়িত এই দুই ব্যৱসায়ীৰ বিৰুদ্ধে আয়কৰ বিভাগে যোৱা চাৰি ফেব্ৰুৱাৰীত অভিযান আৰম্ভ কৰিছিল। শুকুৰবাৰে সেই অভিযানক বৃহৎ ৰূপ দিয়া হয়। ইয়াৰ বাবে অসমৰ লগতে দিল্লী আৰু কলকাতাৰ পৰাও বিভাগটোৰ দল গুৱাহাটীত উপস্থিত হয়। ব্যৱসায়ীদ্বয়ৰ গুৱাহাটীস্থ বাসভৱন, ব্যৱসায়িক প্ৰতিষ্ঠান, অৰুণাচলৰ ভালুকপুং, টিপ্পি আৰু খাৰচাঙত থকা প্রতিষ্ঠান, গুৱাহাটীৰ সমীপৰ সোণাপুৰত থকা বিলাসী ৰিজ’ৰ্ট আদিত এই অভিযান চলোৱা হয়। উল্লেখ্য যে মহালক্ষী আৰু সত্যম গ্রুপ নামৰ দুটা বৃহৎ উদ্যোগ প্রতিষ্ঠানৰ গৰাকী হ’ল এই দুই ব্যৱসায়ী।

সোণাপুৰত ৰতন শৰ্মাৰ আছে ‘মে’ফেয়াৰ’ নামৰ পঞ্চতাৰকা সদৃশ ৰিজ’ৰ্ট। ইপিনে, ক’ল পালচ প্রাইভেট লিমিটেড নামেৰে কয়লা ব্যৱসায়ৰ এক বৃহৎ প্রতিষ্ঠানো আছে। এই প্ৰতিষ্ঠানৰ জৰিয়তে কয়লা খনন আৰু বিক্ৰীৰ লগতো এই দুই ব্যৱসায়ী জড়িত।

যোৱা চাৰি ফেব্ৰুৱাৰীত গুৱাহাটীৰ ফটাশিলস্থিত ৰতন শৰ্মাৰ বাসভৱনত অভিযান চলাই সোণ, হীৰা আদিকে ধৰি মূল্যৱান ধাতুৰ প্ৰায় ৩০ কোটি টকাৰ আ-অলংকাৰ জব্দ কৰা হয়। ইয়াৰ উপৰি বৃহৎ পৰিমাণৰ মূল্যৱান ধাতুও উদ্ধাৰ হয়, যিবোৰৰ মূল্য নিৰূপণ অদ্যাপি অব্যাহত আছে। আয়কৰ বিভাগৰ সূত্ৰই সদৰী কৰে যে ব্যৱসায়ীদ্বয়ৰ বিৰুদ্ধে চলোৱা এই অভিযান অধিক দিন অব্যাহত থাকিব। কিয়নো তেওঁলোকৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নথিপত্ৰ। বিশেষকৈ গুৱাহাটীৰ অনিল প্লাজা নামৰ ব্যৱসায়িক কেন্দ্ৰটোত থকা কাৰ্যালয়ৰ পৰা জব্দ কৰা নথিপত্ৰবোৰৰ পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে যদিও সম্পূর্ণ হ’বলৈ কিছুদিনৰ প্ৰয়োজন হ’ব।

Exit mobile version