MP Pradyut Bordoloi:
গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এছ আইটি ৰিপৰ্ট ফাদিল কৰা সন্দৰ্ভত আজি এক সংবাদমেলত নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয়,মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে উদ্থাপন কৰা অভিযোগৰ কোনো প্রমাণ নাই । এয়া মুখ্যমন্ত্রীয়ে তাছপাতৰ ঘৰ সাজিছে ৷ গৌৰৱ গগৈৰ অপৰাধ হ’ল তেওঁ পাকিস্তান গৈছিল ৷ সহজ ভাষাত ক’বলৈ গ’লে মুখ্যমন্ত্ৰীৰ সংবাদমেল খন ‘কেৰালা ফাইলছ’ সদৃশ ৷ চালেবেৰে কোৱাই বেবেৰিবাং কথাৰে ৰাইজৰ বিভ্ৰান্ত কৰাৰ প্ৰয়াসৰ অংশ বিশেষ মুখ্যমন্ত্ৰীৰ সংবাদমেল ৷ কংগ্ৰেছৰ উদ্থানত শংকিত হৈ মুখ্যমন্ত্ৰীয়ে এতিয়া এনেবোৰ বিভ্ৰান্তমূলক অপপ্ৰচাৰ আৰম্ভ কৰিছে ৷ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব আসন্ন ভোটযুদ্ধত ৷
উল্লেখ্য যে আজি ৰাজিৱ ভৱনত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ স্পষ্টীকৰণ দিবলৈ গৌৰৱ গগৈয়ে আয়োজন কৰা সংবাদমেলত উপস্থিত থাকি সাংসদ বৰদলৈয়ে উল্লিখিত মন্তব্য দিয়ে ৷ সংবাদমেলত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন সহ কে’বাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।




































