Uma Chetry,:✒️আগন্তুক বৰ্ষৰ বাবে বার্ষিক চুক্তিত স্থান পোৱা ক্রিকেটাৰৰ নাম ঘোষণা কৰিলে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে। সেই তালিকাত পতন ঘটিছে দুই প্রাক্তন অধিনায়ক ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ।
পুৰুষৰ তালিকাত পূর্বে থকা ‘এ-প্লাছ’ কেটেগ’ৰী বাতিল কৰা হৈছে। আগৰ চুক্তিত ৰোহিত আৰু কোহলি উক্ত কেটেগৰীত আছিল। এইবাৰ তেওঁলোকে ‘বি গ্রেড’ত ঠাই পাইছে। আনহাতে, পূর্বে ‘এ প্লাছ গ্রেড’ত থকা যশপ্রীত বুমৰাহ আৰু ৰবীন্দ্র জাদেজা ‘এ’ গ্রেডলৈ অৱনমিত হৈছে।
উল্লেখ্য যে বিচিচিআইৰ বার্ষিক চুক্তিৰ পৰা বাহিৰ হ’ল দীর্ঘদিন দলৰ পৰা আঁতৰত থকা ফাষ্ট বলাৰ মহম্মদ ছামি। আনহাতে, আজি মহিলাৰ বাৰ্ষিক চুক্তিৰ তালিকাও প্রকাশ কৰা হয়। অসমৰ খেলুৱৈ উমা ছেত্রীয়েও তালিকাত স্থান পাইছে। তেওঁ বছৰি ১০ লাখ টকা পাব।
‘এ প্লাছ গ্রেড’ত থকা পুৰুষ ক্রিকেটাৰে আগতে সাত কোটিকে পাইছিল। এই মুহূৰ্তত ভাৰতৰ তিনিওটা সংস্কৰণত খেলা একমাত্র খেলুৱৈ হৈছে বুমবাহ। একমাত্র এজন ক্রিকেটাৰৰ বাবে এটা গ্রেড ৰখাৰ পোষকতা নকৰিলে ব’র্ডে। কিয়নো সম্প্রতি শুভমন গিল টি-২০ দলৰ পৰা বাদ পৰিছে।
বার্ষিক চুক্তিত স্থান পোৱা খেলুৱৈসকলক ক্রমে ‘এ’, ‘বি’ আৰু ‘চি’ গ্রুপত ৰখা হৈছে। ইয়াৰ বাবদ তেওঁলোকে ক্রমে পাঁচ, তিনি আৰু এক কোটিকৈ লাভ কৰিব।
আনহাতে, মহিলা ক্রিকেটাৰে পাব ক্রমে ৫০ লাখ, ৩০ লাখ আৰু ১০ লাখ টকা। উল্লেখ্য যে সম্প্রতি ভাৰতীয় দললৈ উভতি আহিলেও ঈশান কিষাণে চুক্তিত স্থান পোৱা নাই। অসমৰ ৰিয়ান পৰাগেও স্থান পোৱা নাই। সততে প্রায় নিয়মিতৰূপে খেলা খেলুৱৈসকলকে চুক্তিৰ আওতাত ৰখা হৈছে।
বার্ষিক চুক্তিত থকা পুৰুষ খেলুৱৈৰ তালিকা-(এ গ্রেড) শুভমন গিল, যশপ্রীত বুমৰাহ, ৰবীন্দ্র জাদেজা; (বি গ্রেড) বাশ্বিংটন সুন্দৰ, ৰোহিত শর্মা, বিৰাট কোহলি, লোকেশ ৰাহুল, মহম্মদ ছিৰাজ, হার্দিক পাণ্ডিয়া, ঋষভ পন্ট, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, সূর্যকুমাৰ যাদৱ, শ্রেয়াছ আয়াৰ; (চি গ্রেড) অক্ষৰ পেটেল, তিলক বার্মা, ৰিংকু সিং, শিবম ডুবে, সঞ্জু ছেমছন, অর্শদীপ সিং, প্রসিদ্ধ কৃষ্ণ, আকাশ দীপ, ধ্রুব জুৰেল, হর্ষিত ৰাণা, বরুণ চক্রবর্তী, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শর্মা, ছাই সুদর্শন, ৰবি বিষ্ণই আৰু কতুৰাজ গায়কোৱাড়।
চুক্তিত স্থান পোৱা মহিলা ক্রিকেটাৰ- (এ গ্রেড) হৰমনপ্রীত কৌৰ, স্মৃতি মন্ধানা, জেমাইমা ৰড্রিগেজ, দীপ্তি শর্মা; (বি গ্রেড) ৰেণুকা ঠাকুৰ, শেফালি বার্মা, ৰিচা ঘোষ, স্নেহ ৰাণা; (চি গ্রেড) বাধা যাদৱ, অমনজ্যোৎ কৌৰ, প্রতীকা ৰাৱাল, ক্রান্তি গৌড়, উমা ছেত্রী, অৰুন্ধতী ৰেড্ডী, শ্রী চৰণি, যস্তিকা ভাটিয়া, হৰলীন দেউল, কাশী গৌতম, জি কমলিনী, বৈষ্ণৱী শর্মা আৰু তেজল হাছনবিছ।
