এএমচিএৰ দৌৰৰ পৰা আঁতৰি আহিছে HAL!

দেশীয় পঞ্চম প্ৰজন্মৰ যুদ্ধবিমান প্ৰকল্পত নতুন পৰিৱর্তন

1770808256 jet 1

HAL:✒️ভাৰতৰ পঞ্চম প্ৰজন্মৰ যুদ্ধবিমান প্ৰকল্প এএমচিএক লৈ পুনৰ আৰম্ভ হৈছে তীব্ৰ চৰ্চা।এই প্ৰকল্পটোৰ প্ৰাৰম্ভিক অনুমোদন বিগত বছৰৰ মে’ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰদান কৰিছিল।

সেই সময়তে ৰাষ্ট্ৰায়ত্ত সংস্থা হিন্দুস্থান এৰোনটিক্স লিমিটেড (HAL)ৰ লগতে বেচৰকাৰী সংস্থাসমূহকো অংশগ্ৰহণৰ সুযোগ দিয়াৰ কথা ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়া খবৰ অনুসৰি, HAL এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰা পিছুৱাই আহিছে।

এই প্ৰকল্পৰ পূৰ্ণ নাম Advanced Medium Combat Aircraft (AMCA) দেশীয় প্ৰযুক্তিত ভাৰতৰ প্ৰথম পঞ্চম প্ৰজন্মৰ যুদ্ধবিমান নিৰ্মাণৰ এক ঐতিহাসিক উদ্যোগ। প্ৰথম পৰ্যায়ত পাঁচখন যুদ্ধবিমান নিৰ্মাণৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰায় ১৫ হেজাৰ কোটি টকা অনুমোদন কৰিছিল।

বৰ্তমান এই বৃহৎ প্ৰকল্পৰ দৌৰত আছে টাটা গ্ৰুপ, কল্যাণী গ্ৰুপৰ ভাৰত ফোৰ্জ, L&T নিয়ন্ত্ৰিত BEML আৰু ডেটা পেটাৰ্নছ (ইণ্ডিয়া) লিমিটেড।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, চীনৰ পঞ্চম প্ৰজন্মৰ যুদ্ধবিমান J-10Cৰ মোকাবিলাৰ লক্ষ্যতেই এএমচিএ প্ৰকল্প ত্বৰান্বিত কৰা হৈছে। লক্ষ্য স্থিৰ কৰা হৈছে যে ২০২৮ চনৰ ভিতৰত প্ৰথম বিমান নিৰ্মাণ সম্পূৰ্ণ হ’ব আৰু ২০৩১ চনৰ ভিতৰত প্ৰথম পাঁচখন বিমান সাজু কৰা হ’ব। ইয়াৰ লগতে ২০৩৫ চনৰ ভিতৰত পূৰ্ণ উৎপাদন আৰম্ভ কৰাৰ পৰিকল্পনা আছে। বিমানসমূহত ব্যৱহাৰ কৰা হ’ব GE-414 ইঞ্জিন।

উল্লেখযোগ্য যে, তেজছ যুদ্ধবিমান সময়মতো যোগান দিব নোৱাৰাৰ অভিযোগ উঠাৰ পাছতে HALৰ সামৰ্থ্য লৈ প্ৰশ্ন উত্থাপন হৈছিল। এই পৰিস্থিতিতেই অংশীদাৰিত্বৰ ভিত্তিত প্ৰকল্পৰ বৰাত বণ্টনৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশেষত HAL পিছুৱাই অহাত এএমচিএ প্ৰকল্পত নতুন দিশ সৃষ্টি হৈছে।

Exit mobile version