৭০ বছৰৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰি সুৰা বিক্ৰীৰ অনুমতি ছৌডিত

97098841 gettyimages 611076692

ছৌডি আৰবে ৭০ বছৰ পুৰণি সুৰা নিষিদ্ধৰ নিয়ম শিথিল কৰিলে। এতিয়াৰে পৰা ধনাঢ্য অমুছলমান বিদেশী লোকে ৰিয়াদৰ এক বিশেষ বিপণীৰ পৰা বীয়েৰ, ৱাইন আৰু স্পিৰিট ক্ৰয় কৰিব পাৰিব।

ইয়াৰ বাবে প্রিমিয়াম ৰেচিডেন্সি পার্মিট থকা অথবা ৪৫ হেজাৰ ৰিয়াল মাহে উপাৰ্জন কৰাটো জৰুৰী হ’ব। ভিজন ২০৩০ৰ অধীনত ছৌডি আৰবে সুৰা বিক্ৰীৰ ক্ষেত্ৰত নীতি শিথিল কৰাৰ এই পদক্ষেপ গ্রহণ কৰিছে।

উল্লেখ্য যে যুৱৰাজ মোহম্মদ বিন ছলমানে ছৌডি আৰবত সংস্কাৰ সাধনৰ বাবে কিছুমান নতুন পদক্ষেপ গ্রহণ কৰি আহিছে আৰু যুৱৰাজৰ নিৰ্দেশতে বিদেশী অমুছলমান লোকৰ বাবে সুৰা ক্ৰয়ৰ অনুমতি দিয়াৰ সিদ্ধান্ত দেশখনে গ্রহণ কৰিলে।

ৰিয়াদৰ কূটনৈতিক আবাসত ধনাঢ্য বিদেশী অমুছলমান বাসিন্দাই সুৰা ক্ৰয় কৰিব পাৰে। পূর্বে কেৱল কূটনীতিকেহে সুৰা ক্ৰয় কৰিব পাৰিছিল। কিন্তু এতিয়া নিয়ম শিথিল কৰাৰ ফলত প্রিমিয়াম ৰেচিডেন্সি অনুজ্ঞাপত্ৰধাৰী আৰু উচ্চ আয়ৰ বিদেশী অমুছলমানে ছৌডি আৰবত সুৰা ক্ৰয় কৰিব পাৰিব

Exit mobile version