Horoscope:✒️মেষ: অপ্রত্যাশিতভাবে ধন লাভৰ যোগ আছে। কর্মসূত্ৰত ভ্ৰমণৰ যোগ। বিবাহৰ যোগ। নতুন উৎসাজনক খবৰে আনন্দিত কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা -৩।
বৃষ: গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্রয়ৰ যোগ। আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতর্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। শুভ ৰং নীলা, শুভ সংখ্যা-২।
মিথুন: বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা। শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা-৪।
কর্কট: পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগন। গৱেষকসকলৰ সাফল্য লাভ। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
সিংহ: পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্রেমত আবেগ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা -৩।
কন্যা: উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ। দেহভাৱ ভাল বুলি ক’ব পাৰি। হেৰোৱা সম্পত্তি পুনঃ প্রাপ্ত। অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা-১।
তুলা: আর্থিক দিশত অর্থ প্রাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানী সাফল্যৰ উল্লেখযোগ্য। বন্ধুভাৱ দুৰ্বল। পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। শুভ ৰং বগা, শুভ সংখ্যা-৮।
বৃশ্চিক: ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজায় থাকিব। ভ্রমণত কষ্ট পাব। শুভ ৰং মাটিয়া, শুভ সংখ্যা-১।
নতুন ধনু: চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কর্মত পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা-৮।
মকৰ: কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আৰ্থিকত ভালেই দেখা যায়। আয়ৰ ক্ষেত্ৰত অনুকূল। বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা-৩।
কুম্ভ: ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু উন্নত। দুই এটা কামত বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত। শুভ ৰং পাতল হালধীয়া। শুভ সংখ্যা ৫।
মীন: কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে। কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ বৰ উন্নত নাথাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা-২।

































