তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈত চুৰিৰ অভিযোগক কেন্দ্ৰ কৰি সংঘটিত গণপ্ৰহাৰত এজন চাহ শ্ৰমিকৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ঘটনাটো ডিগবৈৰ মাছ বজাৰত সংঘটিত হয়।
মৃত ব্যক্তিজন বগাপানী চাহ বাগিচাৰ ১০ নম্বৰ লাইনৰ বাসিন্দা বুধেশ্বৰ গড়। তেওঁ চাহ বাগিচাৰ স্থায়ী কৰ্মচাৰী হোৱাৰ লগতে পূৰ্বে ডিগবৈ নগৰ সমিতিৰ অধীনত চাফাই কৰ্মচাৰী হিচাপে কাম কৰিছিল।
তথ্য অনুসৰি, পুৱতি নিশা বজাৰ চাফা কৰিবলৈ আহি পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি ঘৰলৈ উভতি যাওঁতে মাছ চুৰিৰ অভিযোগ উত্থাপন কৰি বজাৰৰ একাংশ ব্যৱসায়ীয়ে তেওঁক প্ৰচণ্ডভাৱে প্ৰহাৰ কৰে।
গুৰুতৰভাৱে আহত বুধেশ্বৰ গড়ক ডিগবৈ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পাছত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
ঘটনাৰ পাছতে চিকিৎসালয়ত প্ৰায় তিনিশতাধিক লোক সমবেত হৈ দোষীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে ঘটনাৰ স’তে জড়িত সন্দেহত পাঁচজন লোক—শ্বেৰ খান, ৰমজান খান, অজিত আলি, চনু ভট্টাচাৰ্য আৰু বিক্ৰম শ্বাহী—ক আটক কৰি পাছত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
প্ৰতিবাদকাৰীসকলে মৃতদেহ লৈ ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ডিগবৈ চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু দোষীক ফাষ্ট-ট্ৰেক আদালতৰ জৰিয়তে কঠোৰ শাস্তি দিয়াৰ দাবী জনায়। লগতে মৃতকৰ পৰিয়াললৈ এক কোটি টকাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে।
সমগ্ৰ ঘটনাটোক লৈ ডিগবৈ চহৰত চেঁপা উত্তেজনা অব্যাহত আছে।
