দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰত ২৪ ঘণ্টীয়া চকা বন্ধ

IMG 20260212 WA0013

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰ জিলাৰ চাউলধোৱাত উত্তৰ-পূৱ অসম গাড়ী চালক কৰ্মচাৰী ইউনিয়নে আজি ২৪ ঘণ্টীয়া ‘চকা বন্ধ’ কাৰ্যসূচী গ্ৰহণ কৰে।

বিভিন্ন দাবী উত্থাপন কৰি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।ইউনিয়নৰ মুখ্য দাবীসমূহ হৈছে,অসম চৰকাৰে ঘোষণা কৰা “অসম মটৰ পৰিবহণ শ্রমিক সামাজিক সুৰক্ষা আঁচনি” শীঘ্ৰে কার্যকৰী কৰা, চালকৰ বাবে বিপদজনক বুলি অভিহিত মটৰ ভেহিকল সংশোধনী আইন-২০১৯ বাতিল কৰা, ভাৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰান ধাৰা ১০৬(২) ৰদ কৰা, শ্রমিকসকলৰ নূন্যতম মজুৰী ২৬ হেজাৰ টকা নিৰ্ধাৰণ কৰা আৰু শ্রমিক বিৰোধী শ্রম কোড বাতিল কৰা।

প্ৰতিবাদকাৰীসকলে জনায়, শ্রমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত এই আন্দোলন আগবঢ়াই যোৱা হৈছে।

Exit mobile version