১১৪টা ৰাফাল ক্ৰয়ৰ অনুমোদন: ভাৰতৰ আটাইতকৈ বৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথ মুকলি

IMG 20260212 174159

চীন–পাকিস্তানৰ বাবে উদ্বেগজনক বাৰ্তা দি ফ্ৰান্সৰ পৰা ১১৪টা ৰাফাল যুদ্ধবিমান ক্ৰয়ৰ প্ৰস্তাৱত সেউজ সংকেত দিলে কেন্দ্ৰীয় প্রতিৰক্ষা মন্ত্ৰালয়ে। প্রতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত থকা ডিফেন্স একুইজিশন কাউন্সিল (DAC)-এ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

একেলগে ছয়টা নতুন P-8I সমুদ্ৰ পৰ্যবেক্ষণ বিমান ক্ৰয়ৰ প্ৰস্তাৱো অনুমোদন লাভ কৰে।প্ৰশাসনিক সূত্ৰ অনুসৰি, প্ৰায় ৩.২৫ লাখ কোটি টকাৰ এই প্ৰকল্প বাস্তৱায়িত হ’লে স্বাধীন ভাৰতৰ ইতিহাসত ই হ’ব আটাইতকৈ বৃহৎ প্রতিৰক্ষা চুক্তি।

ইতিমধ্যে ডিফেন্স প্ৰকিউৰমেণ্ট ব’ৰ্ডে মূল্যায়ন সম্পূৰ্ণ কৰি অনুমোদন দিছে।প্ৰস্তাৱ অনুসৰি, ১১৪টা ৰাফালৰ ভিতৰত ১৮টা বিমান সোজাকৈ ফ্ৰান্সৰ পৰা আনা হ’ব। বাকী বিমান ভাৰততেই নিৰ্মাণ কৰা হ’ব আৰু প্ৰথম পৰ্যায়ত ৩০% দেশীয় উপাদান থাকিব, যাক ক্ৰমাৎ ৬০% লৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমানৰ অভাৱ বৃদ্ধি পাই ৪২টা স্কোৱাড্ৰনৰ প্ৰয়োজনৰ বিপৰীতে বৰ্তমান সংখ্যা ৩২ত নামি আহিছে। মিগ-২১ আৰু মিগ-২৩ অৱসৰৰ পাছত এই যুদ্ধবিমানৰ অভাৱ পূৰণৰ বাবে ফ্ৰান্সৰ সহযোগিতাত দ্ৰুত পদক্ষেপ ল’বলৈ আগবাঢ়িছে প্রতিৰক্ষা মন্ত্ৰালয়।

Exit mobile version