আমেৰিকাৰ আদালতে খলিস্তানি নেতা হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত ভাৰতীয় নাগৰিক নিখিল গুপ্তক দোষী সাব্যস্ত কৰিছে। বৃহস্পতিবাৰে এই ৰায় প্ৰদান কৰে আমেৰিকাৰ আদালতে ।
আগন্তুক ২৯ মে’ত শাস্তি ঘোষণা হ’ব আৰু আইন অনুসৰি সৰ্বোচ্চ ৪০ বছৰলৈ কাৰাবাসৰ সম্ভাৱনা আছে। এই বিষয়ত এতিয়াও ভাৰত চৰকাৰৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাই।
অভিযোগ অনুসৰি, খলিস্তানি নেতা গুৰপতবন্ত সিং পন্নুনক ২০২৩ চনত হত্যাৰ চেষ্টা কৰা হৈছিল। সেই ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত একে বছৰৰ জুন মাহত চেক প্ৰজাতন্ত্ৰৰ পৰা নিখিলক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ নিয়া হৈছিল। ভাৰতত পন্নুনক ইতিমধ্যে সন্ত্রাসবাদী ঘোষণা কৰা হৈছে আৰু তেওঁৰ সংগঠন নিষিদ্ধ।
মাৰ্কিন তদন্তকাৰীৰ দাবী অনুসৰি, ভাৰতৰ এজন উচ্চপদস্থ চৰকাৰী বিষয়াই নিখিলক এই হত্যাৰ বাবে নিয়োগ কৰিছিল। নিখিলে আমেৰিকাত এজন ভাড়া হত্যাকাৰীৰ স’তে যোগাযোগ কৰি প্ৰায় এক লাখ ডলাৰৰ চুক্তি কৰিছিল। কিন্তু যিজনৰ স’তে তেওঁ যোগাযোগ কৰিছিল, তেওঁ আচলতে আইনশৃঙ্খলা বাহিনীৰ গুপ্ত সদস্য আছিল, ফলত ষড়যন্ত্ৰ পোহৰলৈ আহে।
৫৪ বছৰীয়া নিখিলক নিউ ইয়ৰ্ক চিটিৰ মেনহাটনৰ আদালতত হাজিৰ কৰোৱা হৈছিল। আমেৰিকাৰ মতে, এই অভিযোগসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ। বিষয়টো তদন্ত কৰিবলৈ ভাৰত চৰকাৰে অভ্যন্তৰীণ অনুসন্ধান পেনেলো গঠন কৰিছিল।
