আমেৰিকাত ছয়দিন ধৰি নিখোঁজ হৈ থকা ভাৰতীয় ছাত্ৰ সাকেত শ্রীনিবাচাইয়াৰ মৃতদেহ উদ্ধাৰ । মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয়। আৰক্ষীয়ে ঘটনাটোৰ গভীৰ তদন্ত আৰম্ভ কৰিছে।
চাকেত কেলিফোর্নিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। উল্লেখ্য যে,ন ফেব্ৰুৱাৰীৰ পৰা তেওঁৰ কোনো সন্ধান পোৱা নগৈছিল। শেষবাৰৰ বাবে তেওঁক বার্কলে অঞ্চলৰ লেক আনজাৰ ওচৰত দেখা গৈছিল ।
চাকেতৰ মৃতদেহ উদ্ধাৰৰ কথা নিশ্চিত কৰিছে ছান ফ্ৰান্সিস্কোস্থিত ভাৰতীয় দূতাবাসে। পৰিয়াল আৰু আত্মীয়স্বজনৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে মৃতদেহ শীঘ্ৰে ভাৰতলৈ ঘূৰাই অনাৰ বাবে সহায় কৰাৰ আশ্বাস দিছে দূতাবাসে।
উল্লেখযোগ্য যে, চাকেতৰ নিখোঁজ হোৱাৰ খবৰ প্ৰথমে প্ৰকাশ কৰিছিল তেওঁৰ ৰুমমেট বনিত সিঙে। ২০২৫ চনত আইআইটি মাদ্ৰাজৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিংত স্নাতক হোৱাৰ পাছত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল চাকেত। তেওঁৰ আকস্মিক মৃত্যুত পৰিয়ালত শোকৰ ছাঁ নামি আহিছে।






























