AGP:
সদ্য দলত্যাগী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপিত যোগদানৰ ব্যাপক চৰ্চা চলি থকাৰ মাজতে বৰাকৰ তিনি বিধায়কৰো অগপত যোগদানৰ কুজকাৱাজ আৰম্ভ হৈছে ৷ অগপমুখী হ’বলৈ বিচৰা বৰাকৰ তিনি বিৰোধী বিধায়ক হ’ল এআইইউডিএফৰ কৰিম উদ্দিন বৰভূঁঞা আৰু নিজাম উদ্দিন চৌধুৰী আৰু কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ । মঙলবাৰে তিনি বিধায়কে একেলগে বিধানসভা চৌহদৰ অগপৰ বিধায়িনী কক্ষত অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক সাক্ষাৎ কৰে ৷
এই সাক্ষাতৰ পিছতেই এটা কথা স্পষ্ট হয় যে শীৰ্ঘ্ৰে অগপত যোগ দিব কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ , এআইইউডিএফৰ বিধায়কদ্বয় কৰিম উদ্দিন বৰভূঁঞা আৰু নিজাম উদ্দিন চৌধুৰীয়ে ।
উল্লেখ্য যে এইবাৰ নিজে নিৰ্বাচন খেলাৰপৰা বিৰত থাকিব পাৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ছিদ্দিক আহমেদে । ইয়াৰ বিপৰীতে তেওঁৰ চিকিৎসক পুত্ৰই হয়তো সমাগত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে ৷




































