Assam Cabinet Meeting:
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক ৷ বৈঠকে লেখানুদান বাজেটক অনুমোদন জনাই ৷ একেদৰে কাৰ্বি আংলং জিলাৰ লনভকোত ৰাজ্যৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ লগতে ধেমাজিত ক্রিকেট ষ্টেডিয়াম স্থাপনত অনুমোদন জনাই কেবিনেটে ৷
আনহাতে কেবিনেটে শিক্ষকৰ ইএল ১০ দিনৰ বিপৰীতে ১৫ দিনলৈ বৃদ্ধিৰ লগতে চাহ বাগিচাৰ যুৱক-যুৱতীৰ বাবে গ্রেড-১, গ্রেড-২ চাকৰিত ৩% সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে মিছন বসুন্ধৰাৰ দ্বাৰা কেইবাখনো জিলাত ভূমি পট্টাৰ অনুমোদন উপৰিও ৫০০ কোটি টকা ব্যয়েৰে জিএমচিএইছত প্ৰট’ন থেৰাপী মেচিন সংস্থাপনৰ
অনুমোদন জনাই কেবিনেটে ৷
