Dibrugarh:ডিব্ৰুগড়ৰ মোহনবাৰী বিমানকোঠত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

বিমানন্দৰত নীতিন নবীনক উষ্ম আদৰণি মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ

WhatsApp Image 2026 02 18 at 3.38.43 PM

Dibrugarh:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত শাসকীয় বিজেপি দলে ব্যাপক কুজকাৱাজ আৰম্ভ কৰিছে। নিৰ্বাচনৰ পূৰ্বে দলীয় পূষ্ঠা প্ৰমুখ সকলক কমঠ কৰি তুলিবাৰ বাবে বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন।

মোহনবাৰী বিমান বন্দৰত নীতিন নবীনক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সহ ৰাজ্যিক নেতৃত্বই।

ইয়াৰ পিছত ৰাষ্ট্ৰীয় সভাপতি গৰাকী কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে উপস্থিত হয় মানকটা পূজা ফিল্ডত অনুষ্ঠিত ডিব্ৰুগড় জিলা বিজেপিৰ পৃষ্ঠপ্ৰমুখ সন্মিলনত ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সহ জ্যেষ্ঠ নেতৃবৰ্গই অংশ লয়।

Exit mobile version