Gaurav Gogoi Pressmeet:মহানগৰীৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ সংবাদমেল

বিজেপিত নাযাওঁ বুলি শপত লোৱাৰ পাছত পদত্যাগ কৰিয়েই এদিনো অপেক্ষা নকৰাকৈ কেনেকৈ বিজেপিলৈ যাব পাৰে:গৌৰৱ গগৈ

WhatsApp Image 2026 02 18 at 1.52.44 PM

Gaurav Gogoi Pressmeet:

এপিচিচি প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত ২২ ফেব্ৰুৱাৰীত বাজপেয়ী ভৱনত দলেবলে গেৰুৱা বসন পিন্ধিব ৷ ভূপেন বৰাৰ বিজেপিলৈ হঠাতে গমনক লৈ আজি অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজিৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত ভূপেন বৰা আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৌৰৱ গগৈ । বিজেপিত নাযাওঁ বুলি শপত লোৱাৰ পাছত পদত্যাগ কৰিয়েই এদিনো অপেক্ষা নকৰাকৈ কেনেকৈ বিজেপিলৈ যাব পাৰে বুলি তিৰ্যক মন্তব্য গগৈৰ । দলক বিশ্বাসঘাতক কৰি ছদ্মবেশী নেতাৰ কেতিয়াও স্থায়ী স্থান নাই ৷ উলমি থাকিব লাগিব ৷ভূপেন বৰাৰ গমনক কংগ্ৰেছৰ কোনো ক্ষতি নহয় ৷

একেদৰে মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ চেলেন্স দি গৌৰৱ গগৈয়ে কয়,হিমন্ত বিশ্ব শর্মাই হিন্দু নেতাৰ চাৰ্টিফিকেট দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰক। নাৰীৰ অপমানৰ অভিযোগ উঠা ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা। সাহস আছে যদি হিন্দু ধর্মক লৈ মোৰ লগত তৰ্ক কৰক। মুখ্যমন্ত্ৰীৰ আচল ৰূপটো ইতিমধ্যেই অসমবাসীৰ ওচৰত উন্মোচিত হৈছে। আসন্ন নিৰ্বাচন ৰাইজে উচিব জবাব দিব ৷

সংবাদমেলতে এপিচিচি সভাপতি গৰাকীয়ে কয়,ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ঘোষণা হ’ব কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা| ইতিমধ্যে দলীয় কুজকাৱাজ যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে ৷ আন বিৰোধী দল সমূহৰ স’তে আলোচনা অব্যাহত আছে ৷বিৰোধী ঐক্যই অচিৰেই নতুন মাত্ৰা পাব ৷

সংবাদমেলত উপস্থিত থকা এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰভাৰী জীতেন্দ্ৰ সিঙে কয়, বৃহস্পতিবাৰে অসমলৈ আহিব কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধী। পুৱা ১০:৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব প্রিয়ংকা গান্ধী। এপিচিচিৰ স্ক্রীনিং কমিটীৰ বৈঠকত অংশ ল’ব প্রিয়ংকা গান্ধীয়ে। প্রিয়ংকা গান্ধীৰ আগমনক লৈ প্ৰৱল উৎসাহী দলৰ নেতা- কৰ্মী ৷ সংবাদমেলত এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ কে’বা গৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

Exit mobile version