Barpeta Road:বৰপেটাৰোডৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

দিন দুপৰতে পিষ্টলধাৰী ডকাইতৰ দলৰ লুটপাত ছেনকো প্রতিষ্ঠানত, কে'বা লাখ নগদ সহ লুটি নিলে ১৫কোটিৰ সোণ - হীৰাৰ আ-অলংকাৰ

WhatsApp Image 2026 02 20 at 3.53.37 PM

Barpeta Road:

দিন দুপৰতে পিষ্টলধাৰী ডকাইতৰ দলৰ চাফাই অভিযান ।  ডকাইতৰ দলে লুট কৰি নিলে ১৫ কোটিৰ সোণ – হীৰাৰ আ- অলংকাৰ । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বৰপেটা ৰোডৰ আগশাৰীৰ জুৱেলাৰী ছেনকো শ্ব’ৰূমত ৷

প্ৰাপ্ত খবৰ অনুসৰি বৰপেটা ৰোডৰ মাজমজিয়াত থকা আগশাৰীৰ জুৱেলাৰী প্ৰতিষ্ঠান ছেনকো শ্ব’ৰূমত শুকুৰবাৰে দিন দুপৰতে মুখত মাস্ক পৰিধান কৰাপাঁচজনীয়া এটি ডকাইতৰ দলে দিন দুপৰতে গ্ৰাহকৰ বেশত প্ৰৱেশ কৰি পিষ্টল টোৱাই প্ৰতিষ্ঠানখনৰ মেনেজাৰক। তাৰ পিছতে আন আন কৰ্মচাৰীৰ হাত বান্ধি পিষ্টল টোৱাই থকাৰ লগতে মেনেজাৰক শাৰিৰীকভাৱে প্ৰহাৰ কৰে । ইয়াৰ পিছতে কেচ কাউন্টাৰৰ পৰা নগদ ১লাখ ২৫হাজাৰ টকাৰ লগতে শ্ব’ৰূমত থকা ১৫ কোটিৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ লৈ উধাও হয়। হিন্দীভাষী ডকাইতৰ দলটোৱে শ্ব’ ৰূমৰ চিচিটিভিৰ হার্ড ডিস্ক ভাঙি লৈ যায়।

আনহাতে চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ পিছতে হুৱাদুৱা লাগে প্ৰতিষ্ঠান খনত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত। দিন দিন দুপৰতে চহৰ খনৰ মাজমজিয়াত সংঘটিত ডকাইতি কাণ্ডক লৈ ত্ৰস্তমান হৈ পৰিছে অঞ্চলবাসী।

Exit mobile version