Zubeen khetra:সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন প্ৰিয়ংকা গান্ধীৰ

সংগ দিলে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া

WhatsApp Image 2026 02 20 at 4.20.39 PM

Zubeen khetra:

মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ জুবিনক্ষেত্রত শুকুৰবাৰে পুৱাই উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে। জুবিনক্ষেত্রলৈ গৈ প্ৰাণৰ শিল্পী গৰাকীক প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি স্মৰণ কৰে হিয়াৰ আমঠু গৰাকীক ৷

আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয় ,জুবিনক লৈ ৰাজনীতি কোনেও কৰিব নালাগে ৷ তেওঁৰ ৰহস্যজনক মৃত্যু ঘটনাৰ ন্যায় দিব লাগে ৷এইয়া অসমবাসীৰ দাবী ৷ ন্যায় নোপোৱালৈকে কিন্তু ৰাইজ ক্ষান্ত নহয়। যিমানেই বিলম্ব হ’ব সিমানেই ৰাইজৰ ধৈৰ্যচ্যুতি নাথাকিব ৷ শীৰ্ষ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে জুবিনক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া আৰু জীতেন্দ্ৰ সিং সহ ৰাজ্যি নেতৃত্ব।

Exit mobile version