ড্ৰ’নৰ বৃদ্ধি পোৱা হুমকিৰ মোকাবিলাৰ লক্ষ্যৰে ফ্ৰান্সৰ পৰা অত্যাধুনিক HELMA-P লেজাৰ অস্ত্ৰ প্ৰণালী ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে। এই প্ৰণালী মূলতঃ এণ্টি-ড্ৰ’ন ব্যৱস্থাৰ অংশ হিচাপে ব্যৱহাৰ কৰা হয় আৰু আকাশপথে অহা ক্ষুদ্ৰ ড্ৰ’ন ধ্বংস বা নিষ্ক্ৰিয় কৰিব পাৰে।
প্ৰতিৰক্ষা সূত্রে জনোৱা মতে, এই লেজাৰ প্ৰযুক্তিয়ে লক্ষ্যবস্তু চিনাক্ত কৰাৰ পাছত উচ্চ-শক্তিৰ ৰশ্মিৰে ড্ৰ’নক সজীৱ অৱস্থাতেই অচল কৰি পেলাব পাৰে।
আধুনিক যুদ্ধ পৰিস্থিতিত ড্ৰ’নৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এনে প্ৰযুক্তিৰ প্ৰয়োজনীয়তা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলৰ মতে, সীমান্ত এলেকা আৰু গুৰুত্বপূর্ণ সামৰিক স্থাপনা সুৰক্ষিত কৰি ৰাখিবলৈ এই ধৰণৰ শক্তিশালী এণ্টি-ড্ৰ’ন ব্যৱস্থা অত্যন্ত জৰুৰী। HELMA-P প্ৰণালীয়ে কম খৰচতে, তৎক্ষণাত আৰু অধিক নিখুঁতভাৱে লক্ষ্যবস্তুত আঘাত হানিব পাৰে।
ভাৰত আৰু ফ্ৰান্সৰ মাজত দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা সহযোগিতা অব্যাহত আছে। নতুন লেজাৰ অস্ত্ৰ প্ৰণালী ক্ৰয়ৰ সিদ্ধান্তে দুয়ো দেশৰ কৌশলগত সম্পৰ্কক আৰু অধিক দৃঢ় কৰিব বুলি ধাৰণা কৰা হৈছে।
এই পদক্ষেপে ভাৰতৰ এণ্টি-ড্ৰ’ন সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ লগতে ভৱিষ্যতৰ যিকোনো সম্ভাৱ্য হুমকিৰ মোকাবিলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
