নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ ওচৰত থকা তিনিটা বস্তি অঞ্চলৰ বাসিন্দাসকলক কেন্দ্ৰীয় চৰকাৰে উচ্ছেদৰ নোটিছ জাৰি কৰিছে। নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট তাৰিখৰ ভিতৰত ঘৰ খালী কৰিবলৈ কোৱা হৈছে, নহ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰা হৈছে।
উচ্ছেদৰ অন্তৰ্গত অঞ্চলসমূহ হৈছে ভাই ৰাম কেম্প, মছজিদ কেম্প আৰু ডিআইডি কেম্প। চৰকাৰী তথ্য অনুসৰি এই অঞ্চলসমূহ চৰকাৰী মাটিত অৱস্থিত।
ইতিমধ্যে ৭১৭টা পৰিয়ালক দিল্লীৰ উত্তৰ-পশ্চিমাঞ্চলৰ Savda Ghevraত পুনৰ্বাসনৰ ব্যৱস্থা কৰা হৈছে।
চৰকাৰে জনোৱা মতে, পূৰ্বতে সমীক্ষা চলাই যোগ্য পৰিয়ালসমূহক স্থায়ী ফ্লেট আৱণ্টন কৰা হৈছে। অৱশ্যে কিছুমান বাসিন্দাই নতুন বাসস্থান বহু দূৰত অৱস্থিত বুলি অভিযোগ উত্থাপন কৰি জীৱিকা আৰু চাকৰিৰ ক্ষেত্ৰত অসুবিধাৰ আশংকা প্ৰকাশ কৰিছে।
ইতিপূৰ্বে এই বিষয়টো লৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। আদালতৰ নিয়ম অনুসৰি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ দিছিল।
উল্লেখ্য, পুনৰ্বাসন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি বস্তি অঞ্চলসমূহ খালী কৰাৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ অৱস্থান গ্ৰহণ কৰিছে।






























