সূর্যগ্রহণ দৃশ্যমান নহ’লেও দেখা যাব চন্দ্ৰগ্ৰহণ!

দৌল পূৰ্ণিমাৰ দিনাই সূৰ্যই আংশিক গ্রাস কৰিব জোনবাইক

FILES AUSTRALIA SPACE MOON ECLIPSE 1 1757207570868 1757207597804 scaled

যোৱা ১৭ ফেব্ৰুৱাৰীত আছিল বলয়গ্রাস সূর্যগ্রহণ। দক্ষিণ আফ্রিকা, আর্জেন্টিনা আৰু এন্টার্কটিকাৰ পৰা ‘ৰিং অৱ ফায়াৰ’ দেখা গ’লেও ভাৰতৰ আকাশৰ পৰা এই ‘অগ্নিবলয়’ দেখা পোৱা নগ’ল।

অৱশ্যে ভাৰতবাসীৰ সেই আক্ষেপ দূৰ হ’ব অহা তিনি মার্চত। সেই দিনা দৌল পূর্ণিমা আৰু সেই দিনাই দেখা যাব আংশিক চন্দ্রগ্রহণ। এই মহাজাগতিক বিস্ময় প্রত্যক্ষ কৰিবলৈ উন্মুখ হৈ আছে সমগ্র বিশ্ব। ৫৮ মিনিট পর্যন্ত এই গ্রহণ চলিব।

উল্লেখ্য যে যোৱা বছৰো দৌল পূর্ণিমাত দেখা গৈছিল চন্দ্রগ্রহণ। তিনি মার্চ হৈছে ফাল্গুন পূর্ণিমা। সেইদিনা পৃথিবী গুচি আহিব সূৰ্য আৰু চন্দ্ৰৰ মাজলৈ। পৃথিবীৰ ছাঁ চন্দ্ৰৰ গাত পৰাৰ লগে লগে আৰম্ভ হ’ব গ্রহণ। বিয়লি ৩-২০ বজাত আৰম্ভ হ’ব গ্রহণ। চলিব ৬-৪৭ পর্যন্ত।

অর্থাৎ আমাৰ দেশত সন্ধিয়া চন্দ্রগ্রহণ দেখা যাব। মহাজাগতিক সৌন্দর্য উপভোগ কৰিবলৈ উন্মুখ হৈ আছে মহাকাশ প্রেমীসকল। আগন্তুক দিনত মহাকাশত মুঠ চাৰিটা গ্ৰহণৰ সাক্ষী হৈ ৰ’ব পৃথিৱী। ইয়াৰ ভিতৰত দুটা সূর্যগ্রহণ আৰু দুটা চন্দ্ৰন্দ্রগ্রহণ। অৱশ্যে ভাৰতৰ আকাশত প্রতিটো গ্রহণ চোৱাৰ সৌভাগ্য নহ’ব।

অথবা দৃশ্যমান হ’লেও অতি সামান্য। দৌলৰ চন্দ্ৰগ্ৰহণৰ পাছত ২৯ জুলাইত হ’ব সূর্যগ্রহণ। তাৰ পাছত ২৮ আগষ্টত হ’ব চন্দ্রগ্রহণ। বিগত ১৭ ফেব্ৰুৱাৰীৰ দৰে এই গ্ৰহণ দুটাও ভাৰতৰ আকাশত দৃশ্যমান নহ’ব।

Exit mobile version