Barpeta Road Incident:
বৰপেটা ৰোডৰ ১৫ কোটি টকাৰ গহণাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িতৰ সন্দেহত বহি:ৰাজ্যৰ চাৰি যুৱকক আটক I বৰপেটাৰোড আৰক্ষীয়ে কালি নিশাৰে পৰা গোৱালপাৰা জিলাত অভিযান চলাই পুৱতি নিশা চাৰিজন যুৱকক আটক কৰে । আটকাধীন সকলক আৰক্ষী থানাত আৰক্ষীযে সোধা পোছা চলাই তদন্ত অব্যাহত ৰাখিছিল যদিও পৰিচয় আনুষ্ঠানিকভাৱে সদৰি কৰাৰ পৰা বিৰত আছিল অৱশ্যে আবেলিহে নাম সমূহ প্ৰকাশ কৰে ৷ আটাই কেইজন বহি:ৰাজ্যৰ। ধৃত চাৰিজনৰ নাম হ’ল বিহাৰৰ ৰোহিত কুমাৰ, প্রিয়াংশু কুমাৰ,পশ্চিমবংগৰ মুকেশ দাস আৰু তুষাৰ বিশ্বাস I পাঁচজনীয়া ডকাইতৰ দলটোৰ মাষ্টাৰমাইণ্ডক বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে ,বৰপেটাৰোড চহৰৰ মাজমজিয়াত অৱস্থিত সেনকো অলংকাৰ নামৰ গহণাৰ শ্ব’ৰুমত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড।




































