Barpeta Road Incident:বৰপেটা ৰোডৰ ১৫ কোটি টকাৰ গহণাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িতৰ সন্দেহত বহি:ৰাজ্যৰ চাৰি যুৱকক আটক 

আৰক্ষীৰ জালত বিহাৰৰ ৰোহিত কুমাৰ, প্রিয়াংশু কুমাৰ,পশ্চিমবংগৰ মুকেশ দাস আৰু তুষাৰ বিশ্বাস, পাঁচজনীয়া ডকাইতৰ দলটোৰ মাষ্টাৰমাইণ্ডক বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান

WhatsApp Image 2026 02 21 at 5.22.24 PM

Barpeta Road Incident:

বৰপেটা ৰোডৰ ১৫ কোটি টকাৰ গহণাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িতৰ সন্দেহত বহি:ৰাজ্যৰ চাৰি যুৱকক আটক I বৰপেটাৰোড আৰক্ষীয়ে কালি নিশাৰে পৰা গোৱালপাৰা জিলাত অভিযান চলাই পুৱতি নিশা চাৰিজন যুৱকক আটক কৰে । আটকাধীন সকলক আৰক্ষী থানাত আৰক্ষীযে সোধা পোছা চলাই তদন্ত অব্যাহত ৰাখিছিল যদিও  পৰিচয় আনুষ্ঠানিকভাৱে সদৰি কৰাৰ পৰা বিৰত আছিল অৱশ্যে আবেলিহে নাম সমূহ প্ৰকাশ কৰে ৷ আটাই কেইজন বহি:ৰাজ্যৰ। ধৃত চাৰিজনৰ নাম হ’ল বিহাৰৰ ৰোহিত কুমাৰ, প্রিয়াংশু কুমাৰ,পশ্চিমবংগৰ মুকেশ দাস আৰু তুষাৰ বিশ্বাস I পাঁচজনীয়া ডকাইতৰ দলটোৰ মাষ্টাৰমাইণ্ডক বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে ,বৰপেটাৰোড চহৰৰ মাজমজিয়াত অৱস্থিত সেনকো অলংকাৰ নামৰ গহণাৰ শ্ব’ৰুমত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

 

 

 

Exit mobile version