ৰোডৰ এখন গহনালয়ৰ পৰা এটা ডকাইতৰ দলে শুকুৰবাৰে দিন দুপৰতে ১৫ কোটিৰো অধিক টকা মূল্যৰ সোণ-হীৰাৰ আ-অলংকাৰ, নগদ এক লাখ ৩৫ হেজাৰৰো অধিক টকা আদি লুটি লৈ নির্বিঘ্নে উধাও হয়। দুপৰীয়া ১২.৪২ বজাৰ পৰা এক বজাৰ ভিতৰত এই লোমহর্ষক ডকাইতি কাণ্ড সংঘটিত হয়।
আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰৰ সমীপত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডই দেশজুৰি চৰ্চিত হৈ পৰিছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে নিশাই ক্ষিপ্ৰতাৰে বৰপেটাৰ দৌলাশালত অভিযান চলাই ঘটনাৰে জড়িতোথকাৰ সন্দেহত চাৰিজন যুৱকক আটক কৰে।
উল্লেখ্য যে বৰপেটা ৰোডৰ নগৰৰ সদাব্যস্ত দুর্গাবাৰী-কালীবাৰী ৰোডস্থিত ৰমানাথ কমপ্লেক্সত থকা ‘সেন কো’ নামৰ গহনালয়ত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি ঘটনা । শুকুৰবাৰে দুপৰীয়া গহনালয়খনত কোনো গ্রাহক নাছিল। তেনে সময়তে ডকাইতৰ দলটোৰ দুজনে প্রথমে গহনালয়ৰ শ্ব’ৰূমৰ তলত থকা কৰ্মচাৰীৰ স’তে ওপৰলৈ উঠি যায়। গহনালয়ৰ কৰ্মচাৰীসকলে লোক দুজনক গ্রাহক বুলি ধাৰণ কৰি তেওঁলোকক কেনে সোণ ক্রয় কৰিব, সেই বিষয়ে জনাবলৈ অনুৰোধ জনায়। তেতিয়াই দলটোৰ আন তিনিজনে বিপণীখনত প্রৱেশ কৰে আৰু এজনে প্রথম মহলাৰ প্ৰৱেশদ্বাৰত থাকি তদাৰক কৰে।