কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

1771744777 kashmir 1

জম্মু-কাশ্মীৰৰ কিশ্তৱাৰ জিলাৰ ছত্রু বনাঞ্চলত পুনৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। নিৰাপত্তা বাহিনীয়ে গোপন তথ্যৰ ভিত্তিত অঞ্চলটোত অনুসন্ধান অভিযান আৰম্ভ কৰাৰ পিছতেই লুকাই থকা সন্ত্ৰাসবাদীসকলে গুলিচালনা কৰে। তাৰ পাছতে সেনা আৰু আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত অঞ্চলটোত তীব্ৰ গুলিযুদ্ধ আৰম্ভ হয়।

সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে যৌথভাৱে অভিযান চলাইছে। সন্দেহ কৰা হৈছে যে ২-৩ জন সন্ত্ৰাসবাদী অঞ্চলটোত লুকাই আছিল।

প্ৰাথমিক তথ্য অনুসৰি, তেওঁলোক পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন Jaish-e-Mohammedৰ স’তে জড়িত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

সংঘৰ্ষ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি চিৰুনি তল্লাচী অভিযান তীব্ৰতৰ কৰা হয়। সেনা সূত্রে জনোৱা মতে, সন্ত্ৰাসবাদীসকলক চাৰিওদিশে ঘেৰি ধৰা হৈছে আৰু অভিযান অব্যাহত আছে। শেষ খবৰ পোৱা পৰ্যন্ত সংঘৰ্ষ চলি আছিল।

উল্লেখযোগ্য যে ছত্রু বনাঞ্চল পূৰ্বতেও সন্ত্ৰাসবাদীসকলৰ আশ্ৰয়স্থল হিচাপে চিহ্নিত হৈছিল। ইয়াৰ পূৰ্বেও এই অঞ্চলত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ কিশ্তৱাৰ আৰু আশে-পাশে থকা পাহাৰীয়া অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে।

এই ঘটনাই পুনৰ এবাৰ জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চলসমূহত সন্ত্ৰাসবাদী কাৰ্যকলাপ সক্ৰিয় হোৱাৰ আশংকা জাগ্ৰত কৰিছে। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোৰ ৰাইজক সজাগ থাকিবলৈ আহ্বান জনাইছে।

Exit mobile version