দেশত সম্ভাব্য সন্ত্রাসবাদী চক্ৰৰ বিৰুদ্ধে বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত তামিলনাডু আৰু পশ্চিমবঙ্গৰ পৰা আঠ জন সন্দেহভাজনক আটক কৰা হৈছে। ধৃতসকলৰ স’তে পাকিস্তানৰ গুপ্তচৰ সংস্থা Inter-Services Intelligence (ISI) আৰু বাংলাদেশভিত্তিক এটা সন্ত্রাসী সংগঠনৰ যোগ থকাৰ সন্দেহ প্ৰকাশ পাইছে।
আৰক্ষী সূত্ৰে জনোৱা মতে, ছয়জনক তামিলনাদু (Tamil Nadu)ৰ তিৰুপ্পুৰ (Tiruppur) এলেকাৰ পৰা আৰু দুজনক West Bengalৰ পৰা আটক কৰা হয়। ধৃতসকলৰ মাজত কেইজনমান বাংলাদেশী নাগৰিকো থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।
তদন্তকাৰী সংস্থাই ধৃতসকলৰ পৰা কেবাটাও মোবাইল ফোন, একাধিক ছিম কাৰ্ড আৰু ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে তেওঁলোক বিদেশত অৱস্থিত ‘হেণ্ডলাৰ’ৰ স’তে নিয়মীয়াকৈ যোগাযোগত আছিল আৰু দেশৰ ভিতৰত গুপ্তচৰ কাৰ্যকলাপ বা সম্ভাব্য আক্ৰমণৰ পূৰ্ব প্ৰস্তুতি চলাইছিল।
ঘটনাৰ পাছতে সংশ্লিষ্ট ৰাজ্যসমূহত সুৰক্ষা ব্যৱস্থা কঠোৰ কৰা হৈছে। সমগ্ৰ ঘটনাটোৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চোৰাংচোৱা সংস্থাই গভীৰ তদন্ত আৰম্ভ কৰিছে।
দেশৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে এই অভিযান গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।






























