অৱতৰণৰ সময়তে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক লঘু যুদ্ধবিমান তেজছ। প্ৰশিক্ষণ উড়ান সমাপ্ত কৰি ঘাঁটিলৈ উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। অৱশ্যে পাইলটে সময়মতে ইজেক্ট কৰি সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হয়।তথ্য অনুসৰি তেওঁৰ কোনো গুৰুতৰ আঘাত হোৱা নাই।
প্ৰাথমিক তথ্য অনুসৰি, অৱতৰণৰ সময়ত প্ৰযুক্তিগত ত্ৰুটি, বিশেষকৈ ব্রেকিং ব্যৱস্থাত সমস্যা হোৱাৰ সন্দেহ কৰা হৈছে। ফলত বিমানটো ৰানৱেৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
ঘটনাৰ পাছতে ইণ্ডিয়ান এয়াৰ ফৰ্চে একে ধৰণৰ তেজছ বিমানসমূহ সাময়িকভাৱে গ্ৰাউণ্ডেড কৰাৰ সিদ্ধান্ত লৈছে। সম্পূৰ্ণ কাৰিকৰী তদন্ত আৰম্ভ কৰা হৈছে আৰু বিশেষজ্ঞ দল ঘটনাস্থলীত উপস্থিত হৈছে।
উল্লেখযোগ্য যে, তেজছ যুদ্ধবিমানৰ স’তে পূৰ্বেও কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল। শেহতীয়া ঘটনাই পুনৰ এবাৰ বিমানখনৰ প্ৰযুক্তিগত নিৰাপত্তা আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
বায়ুসেনাই স্পষ্ট কৰিছে — পাইলট সুৰক্ষিত, আৰু সম্পূৰ্ণ তদন্তৰ পিছতহে পুনৰ উড়ানৰ অনুমতি দিয়া হ’ব।






























