Bijni:ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন !

বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ নামো সাঙোৰ খাইছে লুণ্ঠন প্ৰক্ৰিয়াত

WhatsApp Image 2026 02 23 at 1.43.57 PM

Bijni:

বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে ৰাইজৰ লাখ লাখ টকা লুণ্ঠন কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।জীৱন সাথী গ্ৰামীণ বিকাশ নিধি নামেৰে এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰি ৰাইজৰ কষ্টপাৰ্জিত সঞ্চিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে লগতে নাম সাঙোৰ খাইছে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ। প্ৰতিষ্ঠানটো বন্ধ হৈ যোৱাৰ পিছত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।ঘটনাৰ বিবৰণী অনুসৰি ২০২০ চনত বিধায়ক অজয় কুমাৰ ৰায়ে সাতজন বন্ধুক লগত লৈ জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান খুলিছিল।

বঙাইগাঁও আৰু বিজনীত দুটা শাখা কাৰ্যালয় স্থাপনৰে বিত্তীয় প্ৰতিষ্ঠানটোৱে ২০২১ চনৰ ৩১ ডিচেম্বৰৰ পৰা বিত্তীয় লেনদেন আৰম্ভ কৰে বুলি জানিব পৰা গৈছে। সেই অনুসৰি অনুসৰি কম জমাত অধিক ধনৰ লাভৰ আশাত খেতিয়ক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী তথা দুখীয়া লোকে বিত্তীয় প্ৰতিষ্ঠানটোত ধন জমা কৰে।কিছুদিন বিত্তীয় প্ৰতিষ্ঠানটোৰ কাম কাজ ভালদৰেই চলে যদিও প্ৰতিষ্ঠানটোৰ কেইজনমান সদস্যই জমা ধনৰ হৰলুকি কৰাত বিত্তীয় প্ৰতিষ্ঠানটো ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হয়।লাহে লাহে বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ জমা ধন ঘুৰাই দিব নোৱাৰা অৱস্থা হোৱাত ইয়াক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।প্ৰাপ্ত তথ্য অনুসৰি জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ দ্বায়িত্বত আছিল বিধায়ক অজয় কুমাৰ ৰায়, নৃপেন বৰ্মন, সঞ্জয় কীৰ্তনীয়া আৰু ৰোশান নামৰ আন এজন ব্যক্তি।

বিগত এটা দশক পূৰ্বে ৰাজ্যত বিভিন্ন ভুৱা বিত্তীয় প্ৰতিষ্ঠানে ৰাইজৰ ব্যাপক ধন লুণ্ঠন চলাই যোৱাৰ পিছত পুনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি ৰাইজৰ কোটি কোটি টকা আত্মসাৎ কৰা কাৰ্যত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ নাম সাঙোৰ খোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিষয়টো সন্দৰ্ভত ২০২৫ চনৰ শেষৰ ফালে সঞ্চালক তথা বঙাইগাঁও শাখাৰ প্ৰৱন্ধক সঞ্জয় কীৰ্তনীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও সম্প্ৰতি জামিনত ওলাই অহা বুলি জানিব পৰা গৈছে। কিন্তু বিত্তীয় প্ৰতিষ্ঠানটোত জমা কৰা ধন গ্ৰাহকক ঘুৰাই দিয়াৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা নহ’ল।

একাংশ গ্ৰাহকে নিজৰ জমা ধন ঘুৰাই বিচাৰি জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাত প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ জমা ধন ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।বিধায়ক অজয় কুমাৰ ৰায়ে এই ক্ষেত্ৰত নিজৰ সন্মান ৰক্ষাৰ স্বাৰ্থত তৎপৰতা প্ৰদৰ্শন কৰি ৩০ অক্টোবৰত গ্ৰাহকৰ জমা ধন ঘুৰাই দিয়া প্ৰসংগত আলোচনা কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ বিষয়া সঞ্জয় কীৰ্তনীয়া আৰু নৃপেন বৰ্মনক বিজনীৰ আবৰ্ত ভৱনলৈ মাতি পঠিয়ায়। ইয়াতে বিধায়ক গৰাকীয়ে সঞ্জয় কীৰ্তনীয়া নামৰ যুৱকজনক সেই সময়ত তাত উপস্থিত থকা নিজৰ একাংশ সাংগোপাংগৰ দ্বাৰা শাৰীৰিক অত্যাচাৰ চলাই হত্যাৰ ভাবুকি দিয়াৰ দৰে কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে এই সংক্ৰান্তত ইতিপূৰ্বেই বিধায়ক ৰায়ে সঞ্জয় কীৰ্তনীয়াই অনা এই অভিযোগ ভিত্তিহীন বুলি সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰিছে।আনহাতে প্ৰতিষ্ঠানটো চলি থকা অৱস্থাতে বিধায়ক ৰায়ে প্ৰতিষ্ঠানটোৰ পৰা অব্যাহতি লোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যদিও গ্ৰাহক সকলে ২০২৫ চনলৈ প্ৰতিষ্ঠানটোৰ ৱেবছাইটত নাম থকা বুলি দাবী উত্থাপন কৰে।

সম্প্ৰতি প্ৰতিষ্ঠানটো বন্ধ হৈ যোৱাত বিপাঙত পৰিছে গ্ৰাহক সকলে। এনে পৰিপ্ৰেক্ষিতত আজি বিজনীৰ একাংশ গ্ৰাহকে চৰকাৰে হেঁচা প্ৰয়োগ কৰি হ’লেও দুখীয়া মানুহখিনিক টকা ঘুৰাই দিয়াৰ আহ্বান কৰি এজন বিধায়ক হৈ যদি ৰাইজৰ টকা লুণ্ঠন কৰে এইটো বৰ দুখজনক কথা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Exit mobile version