Chirang AKRSU :
চিৰাং জিলা সদৰ কাজলগাঁও স্থিত বন বিভাগৰ দুৱাৰ অতিথিশালাত দেওবাৰে বিয়লি আয়োজিত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় বিয়লি ৩ বজাত। সন্ধীয়া ৫ বজাত সভাৰ অন্তত আক্ৰাছুৰ সভাপতি দ্বিপেন ৰায় আৰু সাধাৰণ সম্পাদক সোনাধৰ ৰায়ে সংবাদ মাধ্যমক জনায় যোৱা ৯ জানুৱাৰীত আক্ৰাছুৰ উদ্যোগত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল। লগে লগে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আক্ৰাছুৰ সৈতে আলোচনা কৰি শীঘ্ৰেই ২০ জানুৱাৰীৰ ভিতৰত জনজাতিকৰণৰ আস্বাস প্ৰদান কৰিছিল আৰু মুখ্য মন্ত্ৰীৰ সৈতে বৈঠকৰ সিদ্ধান্ত লোৱাত বন্ধ প্ৰত্যাহাৰ কৰিছিল আক্ৰাছুয়ে ।
কিন্তু আজিলৈ জনজাতিকৰণৰ বিষয়টো তেনেকৈয়ে পৰি থাকিল । আক্ৰাছুৰ সৈতে সভাও নহ’ল মুখ্য মন্ত্ৰীৰ। বিধানসভা নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি কৰাহে পৰিলক্ষিত হ’ল । কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ লৈ ৰাজনীতি কৰা কোনো পধ্যেই মানি লোৱা নহ’ব।
সেয়ে অহা ১০ দিনৰ ভিতৰতে আক্ৰাছুৰ দলে জনজাতিকৰণৰ জবাব বিচাৰি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত যাব । তাৰ পিচতো সঠিক জবাব নাপালে প্ৰতিখন জিলা বিজেপি কাৰ্যালয়ত ঘেৰাও কৰি জনজাতিকৰণৰ জবাব বিচাৰিব আক্ৰাছুয়ে । ইয়াৰোপৰি উজনি অসমৰ পৰা নামনী অসমত সৰ্বত্ৰে বিজেপিৰ প্ৰতাৰণা লৈ বিজেপি দলৰ বিৰুদ্ধে আক্ৰাছুয়ে জনমত গঠন কৰিব বিধানসভা নিৰ্বাচনৰ পূৰ্বে ।কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বাবে বিজেপি দলে যোৱা সময় চোৱাত যিদৰে প্ৰতাৰণা কৰিলে তাৰ প্ৰত্যুত্তৰ দিব আক্ৰাছু আৰু কোচ ৰাজবংশী সকলে ।
ইয়াত নিশ্চয় কৈ ছয় জনগোষ্ঠীৰ তৰফৰ পৰাও সহযোগিতা লাভ কৰিব বুলি আক্ৰাছুৰ সভাপতি জনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এইবাৰ এই বিষয় লৈ আক্ৰাছুৰ নেতৃত্বই কোনো মন্ত্ৰীৰ সৈতে আলোচনাত নবহে আলোচনা হ’ব লগীয়া হ’লে মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াৰ সৈতে আলোচনা হ’ব লাগিব বুলিও স্পষ্ট কৰি দিয়ে।
দীৰ্ঘ দিনৰে পৰা কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ লৈ বিজেপিয়ে ৰাজনীতি কৰিলে আৰু প্ৰতাৰণা কৰিলে । এইবাৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ সময় বুলিও উল্লেখ কৰে আক্ৰাছুৰ নেতৃত্বই।




































