Dhubri:ধুবুৰীৰ তামাৰহাটত চাঞ্চল্যকৰ ঘটনা 

কবৰ খান্দি উলিওৱা হয় নৱ বিবাহিতাৰ মৃতদেহ , চিকিৎসকে আৰক্ষীক অৱগত নকৰি পৰিয়ালক গতাই দিয়ে মৃতদেহ 

WhatsApp Image 2026 02 23 at 2.47.48 PM

Dhubri:

ধুবুৰী জিলাৰ তামাৰহাটৰ বৰজান গাঁৱত এক চাঞ্চল্যকৰ ঘটনা । কবৰৰ পৰা খান্দি উলিওৱা হয় নৱ বিবাহিতাৰ মৃতদেহ । চিকিৎসকৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ লগতে গাঁওবাসীৰ । জানিব পৰা মতে বৰজান গাঁৱৰ জহৰ আলীৰ কন্যা মেহনাজ পাৰবীনৰ ধৰ্মীয় ৰীতি নীতি মতে প্ৰায় ছয় মাহ পূৰ্বে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও থানাৰ অন্তৰ্গত পদ্মবিল গাঁৱৰ নিবাসী নাজিৰ শ্বেখৰ সৈতে বিবাহ সম্পন্ন হয় ।

ইয়াৰ মাজতে যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে স্বামী গৃহত মেহনাজ পাৰবীনে হঠাৎ চিপ লয় । স্বামী গৃহৰ লোকে ততাতৈয়াকৈ গোঁসাইগাঁওস্থিত আৰ, এন, বি চিকিৎসালয়ত ভৰ্তি কৰে মেহনাজক । তাতে চিকিৎসাধীন অৱস্থাত মেহনাজ পাৰবীনৰ মৃত্যু হয় । চিকিৎসকক পৰিয়ালৰ লোকে সকলো কথা অৱগত কৰাৰ পিছতো চিকিৎসকে মৃতদেহ ঘৰলৈ নিয়াৰ অনুমতি দিয়ে । চিকিৎসকৰ অনুমতি মতে স্বামী গৃহৰ লোক আৰু পিতৃগৃহৰ লোক মিলি ২১ ফেব্ৰুৱাৰী মেহনাজ পাৰবীনৰ মৃতদেহ তামাৰহাটৰ বৰজান গাঁৱত (পিতৃ গৃহত ) কবৰস্থ কৰে ।

ইপিনে কবৰস্থ কৰাৰ পিছত অৰ্থাৎ ২৪ ঘণ্টা পিছতহে চিকিৎসকে ঘটনাৰ বিষয়ে গোঁসাইগাঁও আৰক্ষীক অৱগত কৰে । আজি ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়া উপস্থিতত গোঁসাইগাঁও আৰু তামাৰহাট আৰক্ষীৰ সহায়ত মৃতদেহ কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

উল্লেখ্য যে চিকিৎসকে আৰক্ষীক নজনাকৈ কাৰ অনুমতি মৃতদেহ ঘৰলৈ নিয়াৰ অনুমতি দিলে । কিয় চিকিৎসকে সহজ সৰল লোক সকলক ভুল পথে পৰিচালনা কৰে আজি কবৰৰ পৰা মৃতদেহ উলিওয়াৰ পৰিস্থিতি সৃষ্টি কৰিলে । এই বিষয়ে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে ভুক্তভোগীয়ে ।

Exit mobile version