IMD Report:
বিশ্বৰ বিভিন্ন স্থানৰ লগতে অসম তথা দেশৰো পৰিৱেশৰ দ্রুত সলনি হৈছে। পৰিৱেশ পৰিৱৰ্তনৰ ফলস্বৰূপে এইবাৰ ফেব্ৰুৱাৰীৰ আৰম্ভণিৰে পৰা বতৰ মাৰ্চ মাহ সদৃশ হৈছে; অৰ্থাৎ জাৰৰ ঠাইত গৰম অনুভৱ হ’বলৈ ধৰিছে। এনে পৰিৱেশ সৃষ্টিৰ ফলত জনস্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। এই সম্পৰ্কত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, সাধাৰণতে ফেব্ৰুৱাৰীত ৰাজ্যৰ অধিকাংশ অঞ্চলত স্বাভাৱিক তাপমাত্রা সর্বাধিক ২৫ৰ পৰা ২৭ ডিগ্রী চেলচিয়াছৰ ভিতৰত থাকিব লাগে।
ইয়াৰ বিপৰীতে বিগত চাৰে তিনি মাহৰো অধিক দিন বৰষুণ নোহোৱাত পৰিৱেশ উষ্ণ হোৱাৰ লগতে আকাশ-বতাহ ধূলিৰে ছানি ধৰিছে। এনে পৰিৱেশত শুকান বতাহ বলি থকাৰ বাবে তাপমাত্রা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। দিনৰ সময়ছোৱাত ৰাজ্যৰ অধিকাংশ অঞ্চলত তাপমাত্রা স্বাভাৱিকতকৈ তিনিৰ পৰা পাঁচ ডিগ্রী পর্যন্ত বৃদ্ধি পোৱাত ৰাইজে ফেব্ৰুৱাৰীতে মাৰ্চৰ লেখীয়া গৰম অনুভৱ কৰিবলগীয়া হৈছে। আনকি বহুতে দিনৰ সময়ছোৱাত বৃদ্ধি পোৱা আগন্তুক মার্চ-এপ্রিলতে জুন-জুলাই সদৃশ প্রচণ্ড গৰমে দহিব বুলি আশংকা কৰিছে। আনহাতে, আজিৰ দিনটোত ৰাজ্যৰ ভিতৰতে সর্বাধিক তাপমাত্রা ৩১.৪ ডিগ্রী চেলচিয়াছ দেখা গ’ল ৰাজধানী মহানগৰ গুৱাহাটীত। এই তাপমাত্রা বৃদ্ধিৰ পৰিমাণ স্বাভাৱিকতকৈ ৩.৬ ডিগ্রী চেলচিয়াছ অধিক আছিল।
আনহাতে, একাংশ পৰিৱেশবিদে প্ৰকাশ কৰা অনুসৰি, প্ৰকৃতিৰ ওপৰত চলি থকা অবাধ ধ্বংসলীলাৰ বাবে অসম তথা উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশত অস্বাভাৱিকভাবে বৃদ্ধি পাইছে তাপমাত্রা। কেৱল গুৱাহাটী বা অসমতেই নহয়, পূবৰ স্কটলেণ্ডখ্যাত শ্বিলঙতো গৰমৰ প্রকোপ বৃদ্ধি পাইছে। উল্লেখ্য যে আজিৰ দিনটোত ৰাজ্যৰ আন কে’বাখনো চহৰৰ তাপমাত্রা অস্বাভাৱিকভাৱে বৃদ্ধি পায়।
উদাহৰণস্বৰূপে স্বাভাৱিকতকৈ ৩.৬ ডিগ্রী চেলচিয়াছ তাপমাত্রা বৃদ্ধিৰে তেজপুৰত ৩০.৬ ডিগ্রী চেলচিয়াছ, স্বাভাৱিকতকৈ ৪.১ ডিগ্রী চেলচিয়াছ বৃদ্ধিৰে ধুবুৰীত ৩০.৭ ডিগ্রী চেলচিয়াছ, স্বাভাৱিকতকৈ ১.৭ ডিগ্রী চেলচিয়াছ বৃদ্ধিৰে যোৰহাটত ২৮.১ ডিগ্রী চেলচিয়াছ, স্বাভাৱিকতকৈ ২.০ ডিগ্রী চেলচিয়াছ বৃদ্ধিৰে উত্তৰ লখিমপুৰত ২৮ ডিগ্রী চেলচিয়াছ হয়।
ইপিনে, শ্বিলঙত দেওবাৰে দিনটোত সর্বাধিক তাপমাত্রা হয় ২০.৩ ডিগ্রী চেলচিয়াছ। ইয়াৰ পৰিমাণ স্বাভাৱিকতকৈ ২.৫ ডিগ্রী চেলচিয়াছ অধিক। ইপিনে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী আৰু ইয়াৰ ওচৰ-পাঁজৰ অঞ্চলত সর্বোচ্চ তাপমাত্রা দুই ডিগ্রী চেলচিয়াছৰো অকিক বৃদ্ধি পায়।
উল্লেখ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীত এই বজাত ডিব্ৰুগড় বিমানকোঠত অঞ্চলসমূহত সর্বোচ্চ তাপমাত্রা আছিল ২৯ ডিগ্রী চেলচিয়াছ। ইয়াৰ বিপৰীতে আজি এই অঞ্চলসমূহৰ সর্বোচ্চ তাপমাত্রা ৩১.৪ ডিগ্রী চেলচিয়াছ হয়। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ২০ ফেব্ৰুৱাৰীত গুৱাহাটী আৰু ওচৰ-পাঁজৰ অঞ্চলসমূহৰ সৰ্বোচ্চ তাপমাত্রা ৩০ ডিগ্রী চেলচিয়াছ হয়। কাইলৈও গুৱাহাটী আৰু ইয়াৰ অঞ্চলসমূহৰ পৰিৱেশ বিশেষ সলনিৰ সম্ভাৱনা নাই। সর্বোচ্চ তাপমাত্রা ৩১ ডিগ্রী চেলচিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৫ ডিগ্রী চেলচিয়াছৰ ওচৰে-পাঁজৰে থকাৰ সম্ভাৱনা আছে।
একাংশ পৰিৱেশবিদৰ মতে, গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে চৌদিশে এনে অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি হৈছে। অৱশ্যে এনে অৱস্থাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, কাইলৈৰ পৰা আগন্তুক তিনি দিনত অৰুণাচল প্রদেশ সংলগ্ন অসমৰ কেতবোৰ স্থানত অতি পাতলীয়া বৰষুণ হ’ব পাৰে। এনে অৱস্থাত এই অঞ্চলসমূহত তাপমাত্রা কিছু হ্রাস পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই।
# ডিব্ৰুগড়ত অৱতৰণ কৰিব নোৱাৰিলে যাত্রীভর্তি বিমানে
দীর্ঘদিন ধৰি বৰষুণৰ অভাৱত শুকান হৈ পৰা পৰিৱেশত প্রচণ্ড ধূলিৰ ধুমুহাই আকাশমার্গ ছানি ধৰাত আজি দুপৰীয়া ডিব্ৰুগড় বিমানকোঠত ইণ্ডিগ’ৰ এখন যাত্রীভর্তি বিমানে অৱতৰণ কৰিব নোৱাৰিলে। দৃশ্যমানতা হ্রাস পোৱাৰ বাবে ১৪৪ যাত্রীভর্তি বিমানখনে অৱতৰণ কৰিব নোৱাৰিলে বুলি বিমানকোঠ কর্তৃপক্ষই জনায়। বিমানকোঠ কর্তৃপক্ষই জনোৱা মতে, আহমেদাবাদৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ যাত্ৰা কৰা ৬-ই-৬৪৫৭বিমানখনে পুৱা ১০-২০ বজাত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা উৰা মাৰে আৰু দুপৰীয়া ১১-১৫
অৱতৰণৰ কথা আছিল। কিন্তু মূৰকত গন্তব্য স্থান ঠিক ওচৰ চপাৰ সময়তে এক প্রবল ধূলিৰ ধুমুহাই আকাশমার্গ ছানি ধৰাত দৃশ্যমানতা হ্রাস পোৱাত কর্তৃপক্ষ বিমানখনৰ যাত্ৰা নিকটৱৰ্তী ইম্ফল বিমানকোঠলৈ সলনি কৰে।
ধূলিয়ে আকাশ ছানি ধৰাৰ ফলত বিমানৰ অৱতৰণৰ বাবে প্রয়োজনীয় ন্যূনতম সুৰক্ষা সীমাৰ বহু তললৈ পৰিস্থিতি নামি যায়। অৱশ্যে দুঘণ্টাৰ পাছত বিমানখন ইম্ফলৰ পৰা আহি ডিব্ৰুগড় বিমানকোঠত অৱতৰণ কৰে। এই সম্পৰ্কত ডিব্ৰুগড় বিমানকোঠৰ সঞ্চালক বংগজিত সাহাই কয়, ‘বিমানৰ কৰ্মচাৰীসকলে প্রচলিত বিমান সুৰক্ষা নীতি অনুসৰি এই পদক্ষেপ গ্রহণ কৰে। আমাৰ যাত্রীসকলৰ সুৰক্ষা আৰু বিমান পৰিচালনাৰ ক্ষেত্ৰত সততাই হৈছে আমাৰ সর্বোচ্চ অগ্রাধিকাৰ। নেৰানেপেৰাকৈ দৃশ্যমানতা কম হৈ থকাৰ বাবে কৰ্মচাৰীসকলে ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠলৈ বিমানখনৰ যাত্রা সলনি কৰে।
যাত্রাপথ সলনি কৰাৰ ফলত যাত্ৰীসকলৰ কিছু অসুবিধা হ’লেও বিমানখনত থকা ১৪৪ জন যাত্ৰীৰে সুৰক্ষা নিশ্চিত হয়।’ ডিব্ৰুগড়ৰ পৰিস্থিতি বিমানকোঠ কর্তৃপক্ষই নিৰীক্ষণ কৰি থকাৰ সময়ত ইম্ফল বিমাকোঠত থাকে। ক্ৰমে ধূলিৰ ধুমুহাৰ প্ৰাৱল্য হ্রাস পোৱাত আৰু দৃশ্যমানতা সন্তোষজনক স্তৰলৈ উন্নীত হোৱাত বিমানখনক ডিব্ৰুগড় বিমানকোঠলৈ উভতি আহিবলৈ অনুমতি দিয়া হয়। সেই অনুসৰি দিনৰ ১-২০ বজাত নিৰাপদভাবে বিমানখনে ডিব্ৰুগড় কৰে।
বিমানকোঠত অৱতৰণ আনহাতে এনে ধূলিৰ ধুমুহাই জনস্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকাৰ সৃষ্টিকৰা বুলি চর্চা হৈছে। কাৰণ শ্বাস-প্রশ্বাসত ধূলি তথা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক চকুৰে মনিব নোৱৰা দ্রব্য মিহলি বায়ু শৰীৰৰ অভ্যন্তৰলৈ যাব পাৰে। এনে পৰিস্থিতিতো জনতাই বাহিৰত ফুৰা-চকাৰ ক্ষেত্ৰত কেনে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিব লাগে, সেই সম্পৰ্কত চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগে কোনো জাননী জাৰি কৰা নাই।
উল্লেখ্য যে অসমকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ লগতে দেশৰ ১০ খন ৰাজ্যত চলিত ফেব্ৰুৱাৰীত স্বাভাৱিকতকৈ নিশাৰ তাপমাত্রাও অধিক হৈছে। শেহতীয়া এক তথ্য অনুসৰি মাহটোৰ প্ৰথম ১৫ টা দিনত সর্বোচ্চ তাপমাত্রা বৃদ্ধি পোৱা দেশৰ পাঁচখন মহানগৰৰ ভিতৰত গুৱাহাটীও আছে। আনকেইখন মহানগৰ হ’ল ডেৰাডুন, ইম্ফল, ৰাইপুৰ আৰু পাটনা। একেদৰে মুম্বাই, ডিউ আৰু আহমেদাবাদত সর্বনিম্ন তাপমাত্রা স্বাভাৱিকতকৈ অধিক হয়। ভাৰতীয় বতৰ বিজ্ঞানৰ তথ্য অনুসৰি এইবাৰ হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ শীতকাল অস্বাভাৱিকভাৱে শুকান হয়।
এই ৰাজ্যকেইখনৰ যিসমূহত শীতৰ দিনত বৰফ পৰে সেইসমূহ ৰাজ্যত এইবাৰ তুষাৰপাত প্রায় নহ’ল। একেদৰে শীতৰ দিনতো বৰষুণ হোৱা ৰাজ্যসমূহত এইবাৰ শীতকালত বৰষুণ প্রায় নহ’ল। ফলত জাৰৰ দিন সংকুচিত হয়। ফেব্ৰুৱাৰীৰ প্ৰথম অৱস্থাৰ পৰাই বাহিৰত দিনৰ সময়ছোৱাত বাহিৰত ঘূৰা-পকা কৰোতে গৰম কাপোৰৰ প্ৰয়োজন প্রায় নোহোৱা হয়। উল্লেখ্য যে যোৱা বছৰ বিশেষ জাৰ নপৰিলেও ৰাজ্যত শীতকাল এইবাৰতকৈ কিছু দীঘলীয়া আছিল।




































