Minal Saikia:
পথ উদ্বোধন কৰিবলৈ অহা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক জবাবদিহি কৰিলে ৰাইজে I সংবাদ মাধ্যমক লক্ষ্য কৰি তীব্ৰ মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ। তেওঁ কয় যে ‘য’ত নিউজ হয়, মই তাত ৰাস্তা নবনাওঁ। লগতে নিউজক ৰাস্তা বনাবলৈ কয় বিধায়ক মৃণাল শইকীয়াই।
উল্লেখযোগ্য যে খুমটাই সমষ্টিৰ মৰঙিৰ ২ নং পংকাগ্ৰাণ্ট-ধ’লাজান সংযোগী পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু এই সংক্ৰান্তত ব্যৱস্থা গ্ৰহণ নকৰি খৰটকীয়াকৈ পথ নিৰ্মাণ কৰি উদ্বোধনৰ বাবে ২ নং পংকাগ্ৰাণ্টত উপস্থিত হোৱা বিধায়ক গৰাকীৰ লগতে ঠিকাদাৰক বিভিন্ন প্ৰশ্ন বানেৰে থকা সৰকা কৰে ৰাইজে। ৰাইজৰ অভিযোগ, এন আৰ এলৰ সামাজিক উন্নয়ন আঁচনিৰ পুঁজিৰে PWDৰ জৰিয়তে নিৰ্মাণ কৰা পথটো কেৱল পাতলকৈ চেণ্ড গ্ৰেভেল মাৰি ক’লা ভঙা পাথৰ নমৰাকৈয়ে চি চি ব্লক লগাই কাম সামৰি ততাতৈয়াকৈ ফিটা কটাৰ ব্যৱস্থা কৰা হৈছে।
পকী পথ নিৰ্মাণৰ ক্ষেত্ৰত ৬ ইঞ্চি ছেণ্ড গ্ৰেভেল আৰু ৬ ইঞ্চি মেটেল অৰ্থাৎ ভঙা পাথৰ দিয়াটো নিয়ম। সেইমতেই PWD-ক পইচা দিয়া হৈছে এন আৰ এলৰ পৰা। কিন্তু সেই সকলো টকা আত্মসাৎ কৰি অতি নিম্নমানৰ পথ নিৰ্মাণ কৰিছে গোলাঘাটৰ জয়ন্ত কলিতা নামৰ ঠিকাদাৰে। ইপিনে ৰাইজৰ কথাক আওকাণ কৰি ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিবলৈহে মৃণাল শইকীয়াই উঠিপৰি লগা বুলি অভিযোগ উত্থাপন হৈছে।




































