Zubeen khetra:
জুবিনক্ষেত্ৰত সুৰামত্তৰ উদ্ভণ্ডালি ৷ দেওবাৰে নিশা জুবিনক্ষেত্ৰৰ ৰাজপথত কেইজনমান যুৱকে সুৰামত্ত হৈ উদ্ভণ্ডালি কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা মহিলা আৰক্ষীৰ সৈতেও সংঘাতত লিপ্ত হয় উদণ্ড যুৱককেইজন। মহিলা আৰক্ষী কনিষ্টবলক দুৰ্ব্যৱহাৰ কৰাত স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত ৩ যুৱকক নিশাই আৰক্ষীয়ে আটক কৰে। আটকাধীন তিনি যুৱক হ’ল শুৱালকুছিৰ মুকুট দাস, ৰঞ্জন দাস আৰু শালমৰাৰ আলম আলী ৷
